নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ গ্ৰন্থমেলাত পাঠকৰ ভিৰ

🔹 লাখ লাখ সাহিত্যানুৰাগীক আপ্যায়ন উদ্যোক্তাৰ 
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : যোৱা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষানগৰী পাঠশালাত অনুষ্ঠিত হৈ আছে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা দ্বি-বাৰ্ষিক অধিৱেশন । লাখ লাখ সাহিত্যানুৰাগীক স্বাস্থ্যসন্মত ভোজনেৰে আপ্যায়ন কৰা হৈছে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত । এবাৰত ১০ হাজাৰ লোকে আপ্যায়ন কৰিব পৰাকৈ ব্যৱস্থাপনা কৰিছে আয়োজকে। সাহিত্যৰ নগৰীলৈ পৰ্যবসিত হৈছে শিক্ষানগৰী পাঠশালা । অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনত লোকে লোকাৰণ্য পৰিৱেশ। আজি অধিৱেশনৰ তৃতীয় দিন । তৃতীয় দিনাও সাহিত্য সভালৈ অহা সাহিত্যানুৰাগীক আপ্য়ায়ন কৰাত অকণো যেন ক্ৰটি কৰা নাই পাঠশালাবাসীয়ে। সাহিত্য সভাৰ বাকৰিত একেলগে জ্বলিছে ১০০টা চৌকা । ১০ হাজাৰ মানুহে একেলগে কৰিব পাৰে ভোজন । সাজি তোলা হৈছে তিনিটাকৈ বিশাল ভোজন গৃহ । অতিথি কোনো অসুস্থ নোহোৱাকৈ স্বাস্থ্যসন্মত ভোজনৰ প্ৰয়াসেৰে সম্পূৰ্ণ মচলাবিহীন ব্যঞ্জনেৰে কৰা হৈছে আপ্যায়ন । বজালীৰ সৰু আলু, বজালীৰ মিঠাই, বজালীৰ মিঠা-দৈকে আদি কৰি সকলো বজালীৰ থলুৱা উৎপাদনীয় খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা হৈছে অতিথিক । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যানুৰাগীক আদৰিবলৈ সুন্দৰ ব্যৱস্থা কৰিছে অসম সাহিত্য সভাই । এইদৰে পৰম তৃপ্তিৰে ভোজন গ্ৰহণ কৰিছে সাহিত্য অনুৰাগী আৰু বিভিন্ন কৰ্মত নিয়োজিত হৈ থকা ব্যক্তিসকলে। তামোলৰ ধকুৱাত আগবঢ়োৱা হৈছে দুপৰীয়াৰ আহাৰ, বিধে বিধে ব্যঞ্জনেৰে অতিথিক কৰা হৈছে আপ্যায়ন । প্লাষ্টিকমুক্তভাৱে অধিৱেশনলৈ অহা সাহিত্যানুৰাগীক আপ্যায়ন আয়োজকৰ । এই সকলোবোৰ পৰিকল্পনা আৰু আয়োজন কৰা বাবে মন্ত্ৰী ৰঞ্জিত দাসৰ শলাগ লয় আপ্যায়নৰ দায়িত্বত থকা বিষয়ববীয়াসকলে ।অধিৱেশনৰ প্ৰতিটো দিনতেই দেখা গৈছে লোকে লোকাৰণ্য পৰিৱেশ । ইপিনে, গ্ৰন্থৰ সুবাসত জীপাল হৈ পৰিছে শিক্ষানগৰী পাঠশালাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিম দ্বি-বাৰ্ষিক অধিৱেশনৰ বাকৰি । পঢ়ুৱৈৰ ভিৰে আশা কঢ়িয়াইছে প্ৰকাশক-বিপণীলৈ । গ্ৰন্থৰ সুবাসেৰে উখল-মাখল অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ বাকৰি। সাহিত্য সভাৰ অধিৱেশনত পুৱাৰে পৰা গ্ৰন্থমেলাত ভিৰ কৰা পৰিলক্ষিত হৈছে পঢ়ুৱৈ-ক্ৰেতাই। অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্যানুৰাগীয়ে আহি ভিৰ কৰিছে অধিৱেশনত । সাহিত্য সভাৰ বাকৰিত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত নিজৰ প্ৰিয় কবি, সাহিত্যিক, লেখকগৰাকীৰ কিতাপ বিচাৰি ভিৰ কৰিছে পাঠকে । পঢ়ুৱৈৰ সমাগমত যথেষ্ট আশাবাদী হৈ পৰিছে প্ৰকাশক তথা বিপণীসমূহ । গ্ৰন্থৰ প্ৰতি পঢ়ুৱৈৰ যি আগ্ৰহ, সেয়া প্ৰতিফলিত হৈছে সাহিত্য সভাৰ অধিৱেশনৰ বাকৰিৰ গ্ৰন্থমেলাত ।
প্ৰেৰক পংকিল বৰ্মন
You might also like