নিয়মীয়া বাৰ্তা, ২ জুনঃ সমগ্ৰ বিশ্বতে অহা ৫ জুনত পালন কৰিব বিশ্ব পৰিবেশ দিৱস। সেয়ে অসম বিজ্ঞান সমিতিৰ বকো শাখাৰ উদ্যোগত ৩ জুনৰ পৰা ৫ জুনলৈ তিনিদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে পালন কৰিবলৈ থিৰাং কৰিছে বিশ্ব পৰিৱেশ দিৱস। উল্লেখ্য যে অসম বিজ্ঞান সমিতি খানাপাৰা, গুৱাহাটী আৰু বকো শাখাৰ উদ্যোগত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ বিভিন্ন গোটৰ লগতে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বকো ব্লকৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰাৰ প্ৰস্তূতি চলিছে। ইফালে, অসম বিজ্ঞান সমিতিৰ বকো শাখাৰ সভাপতি অৰবিন্দ চৌধুৰী আৰু সাধাৰণ সম্পাদক তথা শিক্ষক পবিত্ৰ কৈৱৰ্তই জনোৱা মতে, তিনিদিনীয়াকৈ আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱসৰ প্ৰথম দিন অৰ্থাৎ ৩ জুনত পুৱা ১০ বজাত শিচাপীঠ আঞ্চলিক হাইস্কুলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃতি সংৰক্ষণাৰ্থে বিভিন্ন শ্লোগানেৰে এটি সজাগতা শোভাযাত্ৰা আৰু আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব। লগতে দ্বিতীয় দিনা অৰ্থাৎ ৪ জুনত পুৱা ১০ বজাৰ পৰা বকো হাইস্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৌদ্ধিক আৰু কৌশলী জ্ঞানৰ একাধিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিযোগিতাসমূহ ক্ৰমে- ৰচনা প্ৰতিযোগিতা, ৰচনাৰ বিষয়বস্তু- প্ৰদূষণ ৰোধত গছ-গছনিৰ ভূমিকা। ৰচনা প্ৰায় ৫০০ শব্দৰ ভিতৰত হ’ব লাগিব। চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু প্ৰতিযোগিতাস্থলীত জনোৱা হ’ব বুলি জানিবলৈ দিয়ে সম্পাদক পবিত্ৰ কৈৱৰ্তই। শ্লোগান লিখা প্ৰতিযোগিতা। শ্লোগান লিখা প্ৰতিযোগিতাৰ বিষয়বস্তু- প্লাষ্টিক প্ৰদূষণক পৰাভূত কৰোঁ আহক। আনহাতে, তৃতীয় দিনা ৫ জুনত পুৱা ১১ বজাৰ পৰা বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় অনুষ্ঠানত বিভিন্ন সমল ব্যক্তিৰ আলোচনাৰ লগতে পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব। সেয়েহে উক্ত তিনিওদিনৰে আটাইবোৰ কাৰ্য্যসুচীতে অঞ্চলটোৰ স্কুল তথা শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ যোগদান আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে।
প্ৰেৰক বিষ্ণু ৰাম দাস