নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইৰ পৰা আৰম্ভ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ পাঠদান : মন্ত্রী জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ জুনঃ ৰাজ্যৰ শৈক্ষিক ক্ষেত্রখনৰ বাবে আন এক সুখবৰ৷ অহা জুলাই মাহৰ পৰা অসম দক্ষতা বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ হ’ব৷ আজি এই কথা ঘোষণা কৰিছে ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই৷ মঙলদৈত স্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ নির্মাণৰ কাম সম্পূর্ণ নোহোৱালৈকে গুৱাহাটীৰ ঔদোগিক প্রশিক্ষণ প্রতিষ্ঠান (আইটিআই)ত স্থাপন কৰা অস্থায়ী চৌহদত পাঠদান আৰম্ভ হ’ব৷ আজি মন্ত্রীগৰাকীয়ে আইটিআইৰ এই অস্থায়ী চৌহদ পৰিদর্শন কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্রী আৰু কর্মচাৰীবৃন্দৰ সৈতে মত বিনিময় কৰাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত মঙলদৈত দক্ষতা বিশ্ববিদ্যালয়ৰ কাম তীব্র গতিত চলি আছে৷ ২০২৬ চনৰ পূর্বে দক্ষতা বিশ্ববিদ্যালয়খনক পূর্ণাংগ ৰূপ দিব পাৰিব বুলি তেওঁলোক আশাবাদী৷ ইয়াৰ লগে লগে প্রশাসনিক আৰু শৈক্ষিক ক্ষেত্রৰ লগত জড়িত বিষয়া–শিক্ষকসকল যোগদান আৰম্ভ হৈছে৷ সেয়েহে এটা অস্থায়ী চৌহদত কাম আৰম্ভ কৰিবলৈ বিচৰা হৈছে৷ তাৰ বাবে আইটিআইত অস্থায়ীভাৱে বিশ্ববিদ্যালয়খনৰ এটা চৌহদ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ ইয়াৰ পৰিত্যক্ত ভৱনসমূহ পুনৰ নির্মাণ কৰি জুলাই মাহৰ পৰা পাঠদান আৰম্ভ কৰা হ’ব৷ প্রাথমিকভাৱে ৪টা পাঠ্যক্রমৰ পাঠদান আৰম্ভ হ’ব বুলি উল্লেখ কৰি তেওঁ কয়– ‘এইবছৰ আমি ৪টা পাঠ্যক্রম আৰম্ভ কৰিব বিচাৰিছোঁ৷ ইয়াৰে ৩টা স্নাতকোত্তৰ পাঠ্যক্রম আৰু এটা চার্টিফিকেট পাঠ্যক্রম৷ ডাটা ছায়েন্স, আর্টিফিচিয়েল ইণ্টেলিজেন্স, ফাইনেনছিয়েল ছার্ভিচেছ এণ্ড ইন্সিওৰেন্সৰ স্নাতকোত্তৰ পাঠ্যক্রম আৰু পথ নির্মাণৰ ওপৰত চার্টিফিকেট পাঠ্যক্রম আৰম্ভ কৰা হ’ব৷ এই আটাইকেইটা পাঠ্যক্রম বর্তমান সময়ৰ উপযোগী৷ ৱর্কশ্বপসমূহ সম্পূর্ণ কৰাৰ লগে লগে আৰু কিছু পাঠ্যক্রম আগবঢ়াই নিব পৰা যাব৷ প্রতিবছৰে ১০ হেজাৰ যুৱক–যুৱতীক দক্ষতা শিক্ষা প্রদান কৰাটো আমাৰ লক্ষ্য৷ মঙলদৈৰ বিশ্ববিদ্যালয়খন সম্পূর্ণ হৈ উঠিলে ১০ হেজাৰ যুৱক–যুৱতীক দক্ষতা বিকাশৰ প্রশিক্ষণ প্রদান কৰিব পৰা যাব৷ এয়া অসমৰ বাবে এক ডাঙৰ লক্ষ্য৷ এই লক্ষ্যত উপনীত হোৱাৰ বাবে ইতিমধ্যে দক্ষতা যাত্রা আৰম্ভ কৰা হৈছে৷ বিভিন্ন হায়াৰচেকেণ্ডাৰী তথা মহাবিদ্যালয়ত সজাগতাৰ বাবে দক্ষতা যাত্রা আৰম্ভ কৰা হৈছে৷’ ইফালে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ এটা দল হাৰিয়ানাস্থিত বিশ্বকর্মা বিশ্ববিদ্যালয়লৈ প্রেৰণ কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷ মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰা অনুসৰি হাৰিয়ানাৰ বিশ্বকর্মা দক্ষতা বিশ্ববিদ্যালয়ত বিভিন্ন উদ্যোগৰ সৈতে আলোচনা কৰি কিছুসংখ্যক বিশেষ পাঠ্যক্রম আৰম্ভ কৰা হৈছে৷ যিসমূহ পাঠ্যক্রম হয়তো অসমৰ বাবেও সময়োপযোগী হ’ব পাৰে৷ দক্ষতা বিশ্ববিদ্যালয়ৰ এটা দলে ইতিমধ্যে উক্ত বিশ্ববিদ্যালয়খনত প্রশিক্ষণ গ্রহণ কৰি আহিছে আৰু শীঘ্রে আন এটা দল প্রেৰণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ ৰাজ্যৰ যুৱক–যুৱতীসকলক্ সময়োপযোগী হোৱাকৈ দক্ষতাসম্পন্ন কৰি তোলাটোৱেই চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰি মন্ত্রী বৰুৱাই কয়– ‘দক্ষবানে কেতিয়াও নিয়োগৰ বাবে চিন্তা কৰিব নালাগে৷ তেওঁলোকে চাকৰি বিচাৰি হাবাথুৰি খোৱাৰো প্রয়োজন নাই৷ দক্ষবান লোকসকলে যিকোনো সময়তে যিকোনো পৰিস্থিতিতে নিজক সুন্দৰভাৱে সংস্থাপন কৰিব পাৰে৷ সেই লক্ষ্যৰেই দক্ষতা বিশ্ববিদ্যালয়খন আৰম্ভ কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে সকলো দিশতে নির্দেশনা দিছে আৰু আমি সেই মতে কাম কৰি আছোঁ৷’ ইফালে শীঘ্রে ৰাজ্যত এক দক্ষতা পিয়লৰ কাম আৰম্ভ কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে ঘোষণা কৰে৷ এই প্রসংগত তেওঁ কয়– ‘কম দিনৰ ভিতৰতে নিয়োগ বিভাগে অসমত এটা দক্ষতা পিয়লৰ কাম আৰম্ভ কৰিব৷ নতুন প্রজন্মৰ দক্ষতা পিয়ল হয়তো ভাৰতবর্ষৰ ভিতৰতে এটা নতুন চিন্তা৷ বিভিন্নজনে জাতিগত পিয়লৰ লগতে দক্ষতা পিয়লৰ চিন্তাচর্চা কৰিছে৷ অসমত কম দিনৰ ভিতৰতে দক্ষতা পিয়ল আৰম্ভ হ’ব৷ ৰাজ্যৰ যুৱক–যুৱতীসকলৰ্ কি দক্ষতা আছে আৰু তেওঁলোকে কি ধৰণৰ দক্ষতা আহৰণ কৰিব বিচাৰে, সেই ধৰণৰ পিয়ল নিয়োগ বিভাগৰ জৰিয়তে কৰিম৷’

You might also like