নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থড’ক্স–চিটিচি চাহৰ উৎপাদনৰ ভাৰসাম্য বজাই ৰখাৰ লক্ষ্য লোৱা হৈছে

অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ৫ জুলাইঃ অর্থড’ক্স আৰু বিশেষ চাহৰ উৎপাদনকাৰী বাগিচাসমূহলৈ উদগনি প্রদান কৰি উৎপাদন বৃদ্ধিৰ  লক্ষ্যৰে ৰাজ্য চৰকাৰে দেওবাৰে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি ২০২০ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে৷ ৰাজ্য চৰকাৰৰ বিত্ত, উদ্যোগ আৰু বাণিজ্য বিভাগৰ দ্বাৰা খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উক্ত আঁচনিখনৰ শুভাৰম্ভ কৰে৷

উক্ত আঁচনিখনৰ জৰিয়তে অর্থড’ক্স আৰু বিশেষ চাহ প্রস্তুতকাৰী উদ্যোগৰ ক্ষেত্রত চৰকাৰে সর্বোচ্চ ২০ লাখ টকালৈকে প্রতিবছৰে কার্যকাৰী মূলধনৰ বিপৰীতে তিনি শতাংশ সুদ ৰেহাইৰ পদক্ষেপ লোৱাৰ উপৰি প্রতি কিলোগ্রাম অর্থড’ক্স আৰু বিশেষ চাহ উৎপাদনৰ বিপৰতে ৭ টকাকৈ ৰাজসাহায্য প্রদান কৰিব৷ তদুপৰি প্রয়োজনীয় নতুন যন্ত্রপাতি ক্রয় কৰা মূলধনৰ বিপৰীতে সর্বোচ্চ ৩০ লাখ টকালৈকে ২৫ শতাংশ ৰাজসাহায্যৰ ব্যৱস্থা থাকিব৷ ইয়াৰ উপৰি আঁচনিখনৰ জৰিয়তে তিনি বছৰৰ বাবে কৃষি আয়কৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যখনত অৱস্থিত অর্থড’ক্স চাহপাত আৰু বিশেষ চাহপাত প্রস্তুতকাৰী উদ্যোগৰ বাবে এই আঁচনিখন তিনি বছৰৰ বাবে প্রযোজ্য হ’ব৷ আঁচনিখনৰ বাবে পঞ্জীয়ন আৰু ৰাজসাহায্যৰ আবেদনৰ বাবে এটা অনলাইন প’র্টেলৰো ব্যৱস্থা কৰা হৈছে৷

অনুষ্ঠানত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আঁচনিখন অর্থড’ক্স চাহপাতৰ উৎপাদন বৃদ্ধিৰ দিশত উদগনি জনোৱাৰ বাবে শুভাৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে অর্থড’ক্স আৰু চিটিচি চাহপাতৰ উৎপাদনৰ মাজত এক নির্দিষ্ট ভাৰসাম্য বজাই ৰখাৰ লক্ষ্য লোৱা হৈছে৷ চাহ উদ্যোগে বর্তমান সন্মুখীন হৈ থকা প্রত্যাহ্বান অতিক্রম কৰাৰ দিশত এই আঁচনিখনে বিশেষভাৱে সহায় কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ৰাজ্য চৰকাৰে চাহ শ্রমিকৰ সামাজিক সুৰক্ষা শক্তিশালী কৰাৰ দিশত বিশেষ পদক্ষেপ গ্রহণ কৰি আছে৷ চাহ জনগোষ্ঠীৰ সর্বাংগীণ বিকাশৰ বাবে বাগিচাসমূহত বর্তমানে থকা স্বাস্থ্য প্রতিষ্ঠান আৰু শৈক্ষিক প্রতিষ্ঠানসমূহ পর্যায়ক্রমে চৰকাৰৰ দ্বাৰা পৰিচালনা কৰাৰ দিশত পৰিকল্পনা কৰি থকা হৈছে৷ তদুপৰি বাগিচাসমূহত থকা ভূমি যথাযথভাৱে কামত খটুওৱাৰ বাবে ৰাজ্য চৰকাৰে প্রয়োজনীয় ভূমি আইনৰ সংশোধনীৰ পৰিকল্পনা কৰি আছে৷

ইয়াৰ উপৰি জল জীৱন মিছনৰ অধীনত প্রতিটো চাহ পৰিয়াললৈ পাইপৰ জৰিয়তে পানী যোগানৰ বাবে পদক্ষেপ গ্রহণ কৰি আছে৷ অসম গেছ কোম্পানীৰ গেছ গ্রিডৰ জৰিয়তে তিনিচুকীয়া, ডিব্রুগড় আৰু শিৱসাগৰ জিলাকে ধৰি উজনি অসমৰ চাহ বাগিচাসমূহৰ প্রতিগৰাকী শ্রমিকৰ গৃহলৈ গেছ পাইপলাইনৰ সংযোগ স্থাপন কৰাৰ দিশতো ৰাজ্য চৰকাৰে পৰিকল্পনা কৰি আছে৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমৰ চাহৰ ব্যাপক প্রচাৰৰ প্রয়োজনীয়তাৰ ওপৰতো মুখ্যমন্ত্রী ড০ শর্মাই গুৰুত্ব আৰোপ কৰে৷

উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, বিত্তমন্ত্রী অজন্তা নেওগ, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত থকা এই অনুষ্ঠানত চাহ ব’ডৰ অধ্যক্ষ প্রভাত বেজবৰুৱা, ভাৰতীয় চাহ সংস্থাৰ অধ্যক্ষ বিবেক গোৱেংকা, ভাৰতীয় ষ্টেট বেংকৰ এছ এল বি চিৰ মহাপ্রবন্ধক সুৰঞ্জনা দত্তয়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে আঁচনিখনৰ বিভিন্ন দিশ সামৰি এক প্রেজেণ্টেচন আগবঢ়োৱাৰ উপৰি আঁচনিখনৰ বাবে প্রস্তুত কৰা অনলাইন প’র্টেলৰ সবিশেষ সামৰি এক প্রেজেণ্টেচনো আগবঢ়ায়৷ চাহ বাগিচাৰ প্রতিটো গৃহ সামৰি আৰম্ভ হ’বলগীয়া জল জীৱন মিছনৰ আলোকপাতেৰে আন এক প্রেজেণ্টেচনো আগবঢ়োৱা হয়৷

You might also like