আজি ঘোষণা হ’ল সাধাৰণ টেটৰ ফলাফলঃ অনলাইনত লাভ কৰিব ৰিজাল্ট
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ চলিত বর্ষৰ ৩১ অক্টোবৰত অনুষ্ঠিত প্রাথমিক পর্যায়ৰ সাধাৰণ টেট পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব৷ দিনৰ ১১ বজাৰ পৰা প্রার্থীসকলে সর্বশিক্ষা অভিযান আৰু ছেবাৰ ৱেবছাইটৰ জৰিয়তে নিজৰ নিজৰ ফলাফল চাব পাৰিব৷ অহা ৩১ ডিচেম্বৰ পর্যন্ত আবেদনৰ নম্বৰ আৰু পাছৱর্ডৰ জৰিয়তে প্রার্থীসকলে নিজৰ স্ক’ৰ কার্ড লাভ কৰিব৷
আনহাতে প্রার্থীসকলৰ বাবে অ’এমআৰ শ্বীট আৰু এনছাৰ কী প্রদানৰো ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷ ১৭ ডিচেম্বৰৰ পৰা প্রার্থীসকলে সংশ্লিষ্ট ৱেবছাইটসমূহৰ পৰা অ’এমআৰ শ্বীট আৰু এনছাৰ কী ডাউনলোড কৰিব পাৰিব৷ অৱশ্যে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ বাবে সুকীয়াকৈ অ’এমআৰ শ্বীট আৰু এনছাৰ কীৰ বাবে প্রার্থীসকলে প্রদান কৰিব লাগিব ২০০ টকাৰ মাচুল৷ এই মাচুল প্রদান কৰাৰ পিছত আবেদনৰ নম্বৰ আৰু পাছৱর্ডৰ জৰিয়তে প্রার্থীসকলে অ’এমআৰ শ্বীট আৰু এনছাৰ কীসমূহ প্রার্থীসকলে লাভ কৰিব পাৰিব৷ এক জাননীৰ জৰিয়তে এই কথা সদৰী কৰিছে ৰাজ্য চৰকাৰৰ এম্পাৱার্ড কমিটী অন এলিমেণ্টেৰী টেটৰ সদস্য সচিবে৷