নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ আজিৰ পৰা ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থা, অসমৰ ৩১তম্ দ্বি–বাৰ্ষিক অধিৱেশন। কাৰ্য্যসূচী অনুসৰি আজি  ধুবুৰীৰ কোষাগাৰ প্ৰাধিকাৰী ধীৰেন্দ্ৰ নাথ কলিতাই প্ৰতিনিধী শিৱিৰ মুকলি কৰাৰ পিছত অনুষ্ঠিত হয় প্ৰতিনিধী পঞ্জীয়ন কাৰ্য্যসূচী। সন্ধিয়া ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সন্থাৰ কেন্দ্ৰীয় কমিটিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা। কাইলৈ বৃক্ষৰোপণৰ পিছতে মুকলি কৰা হ’ব অধিৱেশনখনিৰ তোৰণ। তাৰ পিছত অধিৱেশনৰ শুভাৰম্ভ অনুষ্ঠান। অনুষ্ঠানত ধুবুৰীৰ নৱনিযুক্ত উপায়ুক্ত দিবাকৰ নাথে মুখ্য অতিথিৰূপে উপস্থিত থাকিব। তাৰ পিছত নিউ গুৱাহাটীৰ কোষাগাৰ প্ৰাধিকাৰী পৰেশজিৎ দাসে উদ্বোধন কৰিবলগীয়া বন্তি প্ৰজ্বলন কাৰ্য্যসূচীৰ পিছত সদৌ অসম কোষাগাৰ সন্থাৰ সভাপতি টি. এইচ. ব্ৰজকুমাৰ সিংহই সন্থাৰ পতাকা উত্তোলন কৰিব। তাৰ পিছত অনুষ্ঠিত হ’বলগীয়া স্মৃতি তৰ্পন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ দাসে। কাইলৈ সন্থাৰ সভাপতি ব্ৰজকুমাৰ সিংহৰ সভাপতিত্বত অনুষ্ঠিত হ’ব প্ৰতিনিধীসকলৰ প্ৰথমটো গুৰুত্বপূৰ্ণ বৈঠক। প্ৰতিনিধীসকলৰ দ্বিতীয়টো বৈঠক সম্পণ্ণ হোৱাৰ পিছত অনুষ্ঠিত হ’ব প্ৰতিনিধীসকলৰ তৃতীয়টো বৈঠক আৰু সেই বৈঠকখনৰ অন্তত গঠন কৰা হ’ব সন্থাৰ নতুন কমিটিখনৰ। আনহাতে মুকলি সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকিব সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা। আনহাতে সেই সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক দিলীপ কলিতাও নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বুলি জনাইছে অধিৱেশনখনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সৰিৎ সেনগুপ্তই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like