নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছাম ট্রিবিউন কাকতৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ অক্টোবৰঃ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ আগশাৰীৰ সংবাদ গোষ্ঠী আছাম ট্রিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ আজি দেহাৱসান ঘটে৷ মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে বৰুৱাই শেষনিশ্বাস ত্যাগ কৰে৷ যোৱা ২ অক্টোবৰৰ পৰা হাস্পতালখনত তেওঁ চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ৷ আগশাৰীৰ সংবাদ গোষ্ঠীটোৰ সঞ্চালক হিচাপে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সংবাদ সেৱাৰ ক্ষেত্রখনক আগবঢ়াই নিয়াৰ ক্ষেত্রত অনবদ্য অৱদান আগবঢ়োৱা বৰুৱাৰ বিয়োগত ৰাজ্যৰ সংবাদ জগতত শোকৰ ছাঁ পৰে৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে অসংখ্য গুণমুগ্ধই নেমকেয়াৰ হাস্পতালত উপস্থিত হৈ বৰুৱালৈ শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ নেমকেয়াৰ হাস্পতালৰ পৰা তেওঁৰ নশ্বৰদেহ প্রথমে ৰাজগড়ৰ ১নং উপ–পথত থকা বাসগৃহলৈ লৈ অহা হয়৷ ইয়াৰ পিছতে বৰুৱাৰ নশ্বৰদেহ এখন পুষ্পসজ্জিত বাহনেৰে চানমাৰিস্থিত আছাম ট্রিবিউন কাকতৰ কার্যালয়লৈ লৈ যোৱা হয়৷ তাত আছাম ট্রিবিউন গোষ্ঠীৰ কর্মচাৰী তথা সংবাদ কর্মী আৰু সাংবাদিকসকলে বৰুৱালৈ অন্তিম শ্রদ্ধা জ্ঞাপন কৰে৷ আছাম ট্রিবিউনৰ কার্যালয়ৰ পৰা পোনে পোনে তেওঁৰ নশ্বৰদেহ শিলপুখুৰীৰ নৱগ্রহ শ্মশানলৈ নিয়া হয় আৰু পৰিয়াল তথা গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷ উল্লেখ্য যে ১৯৫২ চনৰ ৮ জুলাইত সুৰজিৎ গোবিন্দ বৰুৱাই জন্মগ্রহণ কৰিছিল৷ তেওঁ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ নাতি তথা তুলসী গোবিন্দ বৰুৱাৰ পুত্র৷ তুলসী গোবিন্দ বৰুৱাৰ মৃত্যুৰ পিছতে তেওঁ অসম বাণী প্রাইভেট লিমিটেডৰ সঞ্চালক হিচাপে ১৯৯৫ চনৰ ২৯ ডিচেম্বৰত দায়িত্ব গ্রহণ কৰে৷ পৰৱর্তী সময়ত ১৯৯৭ চনৰ ১০ আগষ্টত আছাম ট্রিবিউন প্রাইভেট লিমিটেডৰ সঞ্চালক ৰূপে দায়িত্ব গ্রহণ কৰে৷ গুৱাহাটী ডনব’স্ক স্কুলত স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত কটন কলেজৰ পৰা কলেজীয়া শিক্ষা লাভ কৰা বৰুৱাই মৃত্যুৰ সময়ত মাতৃ, পত্নী, দুগৰাকী কন্যাসহ অসংখ্য আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক শোকবার্তাত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে উত্তৰ–পূর্বাঞ্চলৰ আগশাৰীৰ বাতৰিৰ কাকত ‘দ্য আছাম ট্রিবিউন’ তথা ট্রিবিউন গোষ্ঠীৰ উত্তৰণৰ দিশত অহোপুৰুষার্থ কৰা সুৰজিৎ গোবিন্দ বৰুৱাৰ মৃত্যু সমাজৰ বাবে এক বৃহৎ ক্ষতি৷ ইফালে তেওঁৰ বিয়োগত শোক প্রকাশ কৰিছে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে৷ এক শোক বার্তাত সোণোৱাল কয় যে সংবাদ জগতলৈ সুৰজিৎ গোবিন্দ বৰুৱাই আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান স্মৰণ হৈ থাকিব৷ বৰুৱাৰ বিয়োগত বহু দল–সংগঠনেও শোক প্রকাশ কৰিছে৷

You might also like