নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ ৰাজ্যত ক’ৰোনাৰ সংক্রমণ কিছু নিম্নগামী হোৱাৰ সময়তে ৰাজ্য চৰকাৰে কনটেইনমেণ্ট জ’নৰ বাহিৰৰ কাম–কাজ যথেষ্ট শিথিল কৰাৰ অনুমতি দিছে৷ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে জাৰি কৰা আনলক–৫ৰ লগত সংগতি ৰাখি আজিৰে পৰা ৰাজ্য চৰকাৰে জাৰি কৰিছে এলানি নীতি–নির্দেশনা৷ সেই অনুসৰি কনটেইনমেণ্ট জ’নৰ বাহিৰত সামাজিক অনুষ্ঠান, ধর্মীয় অনুষ্ঠান, ৰাজনৈতিক সভা আদি অনুষ্ঠিত কৰিব পাৰিব৷ অৱশ্যে এনে অনুষ্ঠানত ১০০জনৰ অধিক লোক উপস্থিত থাকিব নোৱাৰিব৷ আনহাতে, প্রেক্ষাগৃহ বা মণ্ডপৰ ভিতৰত হ’ব লগা সামাজিক অনুষ্ঠানত ৫০ শতাংশ লোকহে উপস্থিত থাকিব লাগিব৷ উপস্থিত থকা লোকসকলে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব৷ তদুপৰি ছেনিটাইজাৰ ব্যৱহাৰ, থার্মেল স্ক্রীনিং বাধ্যতামূলক হ’ব৷ শিক্ষানুষ্ঠান মুকলিৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ অনলাইন পাঠদান অব্যাহত থাকিব৷ অনলাইন পাঠদানৰ লগতে বিদ্যালয়ত অনুমতি সাপেক্ষে শিক্ষার্থী উপস্থিত থাকিব পাৰিব৷ ছাত্র–ছাত্রীসকলে অভিভাৱকৰ অনুমতি লৈ ইচ্ছা অনুসৰি বিদ্যালয়ত উপস্থিত থাকিব পাৰিব৷ বিদ্যালয়ত ছাত্র–ছাত্রীসকলৰ উপস্থিতি পঞ্জীয়ন কৰিব নোৱাৰিব৷ শিক্ষা বিভাগে এইক্ষেত্রত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি এছ অ’ পি প্রস্তুত কৰিব পাৰিব৷ বিদ্যালয়সমূহ সম্পূর্ণৰূপে খুলিলে এই এছ অ’ পি অনুকৰণ কৰিব লাগিব৷ উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহ মুকলিৰ ক্ষেত্রত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰিব পাৰিব৷ অৱশ্যে গৱেষণা কৰা ছাত্র–ছাত্রীৰ ক্ষেত্রত অথবা স্নাতকোত্তৰ ছাত্র–ছাত্রীৰ বিজ্ঞানাগাৰ মুকলি আজিৰে পৰা প্রযোজ্য হ’ব৷ ছুইমিং পুল খোলাৰ ক্ষেত্রত ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি এছ অ’ পি প্রস্তুত কৰিব লাগিব৷ ৰাজ্যৰ মুখ্য সচিবে জাৰি কৰা এই নতুন নীতি–নির্দেশনা অনুসৰি চিনেমা হল, মাল্টিপ্লেক্স আদি স্বাস্থ্য বিভাগৰ এছ অ’ পি অনুকৰণ কৰি ৫০ শতাংশ দর্শকৰ উপস্থিতিৰে মুকলি কৰিব পাৰিব৷ একেদৰে বিনোদন পার্ক, অৱসৰ বিনোদনৰ স্থান আদি মুকলিৰ ক্ষেত্রতো স্বাস্থ্য বিভাগৰ এছ অ’ পি অনুকৰণ কৰিব লাগিব৷ কনটেইনমেণ্ট জ’নৰ বাহিৰত থকা সকলো ধৰণৰ ব্যৱসায়িক প্রতিষ্ঠান উদ্যোগ–বাণিজ্য বিভাগৰ এছ অ’ পি অনুকৰণ কৰি মুকলি কৰিব পাৰিব৷ নতুন নীতি–নির্দেশনা অনুসৰি আন্তঃৰাষ্ট্রীয় বিমানযাত্রাৰ ক্ষেত্রত এতিয়াও অনুমতি প্রদান কৰা হোৱা নাই৷ অৱশ্যে আন্তঃৰাজ্যিক বাছসেৱা আৰু সামগ্রী আদান–প্রদানৰ ক্ষেত্রত কোনো ধৰণৰ বাধা নাথিকব৷ আনহাতে, কনটেইনমেণ্ট জ’নৰ লকডাউন ৩১ অক্টোবৰলৈ বাহাল থাকিব৷ ৬৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তি আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰতে ৰখাৰ পৰামর্শ দিয়া হৈছে৷
৫০ শতাংশ দর্শকেৰে চিনেমা হল মুকলিৰ প্রস্তুতি
লকডাউনৰ বাবে যোৱা দীর্ঘদিন ধৰি বন্ধ হৈ থকা চিনেমা হল আজিৰে পৰা মুকলি হ’ল৷ অৱশ্যে আজি চিনেমা হলসমূহ মুকলি কৰাৰ নির্দেশ জাৰি হ’লেও নতুন এছ অ’ পি প্রস্তুত নোহোৱা বাবেই চিনেমা চলোৱাৰ বাবে কোনো পদক্ষেপ গ্রহণ নকৰিলে হলৰ স্বত্বাধিকাৰসকলে৷ আনলক–৫ৰ নিয়ম অনুসৰি মুকলি হোৱা চিনেমা হলসমূহত ৫০ শতাংশ দর্শকহে উপস্থিত থাকিব পাৰিব৷ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে জাৰি কৰা উক্ত নির্দেশনাৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে চিনেমা হল মুকলিৰ ক্ষেত্রত এছ অ’ পি জাৰি কৰিলেহে হলসমূহ সম্পূর্ণভাৱে আৰম্ভ হ’ব৷