নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ অতি কম দিনৰ ভিতৰতে অবৈধ সুৰাৰ ক’লা সাম্রাজ্যখন দখল কৰি লোৱা ‘হাজৰিকা’ বাহিনীৰ কু–কীর্তিৰ কাহিনী ইতিমধ্যে সংবাদ মাধ্যমত বহুবাৰ প্রকাশ পাইছে৷ শাসকীয় দলৰ পালিনেতা এইগৰাকী সুৰা মাফিয়াই কিদৰে উত্তৰ–পূর্বাঞ্চলৰ উপৰি বিহাৰলৈও সুৰা চালান দি আহিছে, সেয়াও সঘনে চর্চিত হোৱা এটা বিষয়৷ মূলতঃ অৰুণাচল প্রদেশৰ পৰা আমদানি কৰা সুৰাৰেই তেওঁ ভাৰতব্যাপী সুৰাৰ ক’লা সাম্রাজ্য এখন গঢ়ি তুলিছে৷ কিন্তু ইমানৰ পিছতো অসম চৰকাৰৰ আৰক্ষী বাহিনী আৰু আবকাৰী বিভাগৰ নয়নৰ মণি হৈ আছে সুৰা মাফিয়া ‘হাজৰিকা’৷ দিছপুৰৰ ভয় দেখুৱাই আৰু নিয়মীয়া খোৰাকীৰ ব্যৱস্থা কৰি মাফিয়াজনে দুয়োটা বিভাগকে আঙুলিৰ ঠাৰত নচুৱাই থাকিবলৈ সক্ষম হৈছে৷ কেৱল সেয়াই নহয়, চোৰাং সুৰা ব্যৱসায়ৰ ধনেৰেই তেওঁ কটাই আছে লাহ–বিলাসৰ জীৱন৷ কাপোৰ সলোৱাদি সলাইছে গাড়ী৷ অতি শেহতীয়াকৈ সুৰা সাম্রাজ্যৰ নতুন মাফিয়াজনে এখন অতি বিলাসী বাহন ক্রয় কৰি সকলোকে আচৰিত কৰি তুলিছে৷ ‘নিয়মীয়া বার্তা’ত পূর্বৰ প্রতিবেদনতে প্রকাশ পাইছিল যে উজনি অসমৰ এইগৰাকী কুখ্যাত সুৰা মাফিয়াৰ জৰিয়তে যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলাৰ মাজেৰে নাগালেণ্ডলৈ নিতৌ ২ কোটি টকাৰ সুৰাৰ অবৈধ চালান চলি আছে৷ একেদৰে হাজৰিকাৰ উদ্যোগতে সমগ্র উজনি আৰু উত্তৰ অসম এতিয়া অৰুণাচলৰ পৰা অহা অবৈধ সুৰাই ছানি ধৰিছে৷ যাৰ বাবে অসমত বিক্রীৰ বাবে প্রস্তুত কৰা সুৰাৰ বিক্রী অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ফলত ৰাজহৰ দিশৰ পৰা অসম চৰকাৰ ব্যাপক লোকচানৰো সন্মুখীন হৈছে৷ ৰাজ্যৰ ৰাজকোষত মাধমাৰ শোধাই এতিয়া ‘হাজৰিকা’ৰ দৰে সুৰা মাফিয়াই প্রতিদিনে সম্পত্তিৰ তালিকাত নতুন নতুন সংযোজন ঘটাই গৈছে৷ লক্ষণীয় কথাটো হ’ল, নাগালেণ্ডলৈ যোৱাৰ পথত মাজে–সময়ে দুই–এখন অবৈধ সুৰাভর্তি ট্রাক আৰক্ষীয়ে জব্দ কৰে৷ নাম লিখাবৰ বাবেই এনেধৰণৰ অভিযান মাহেকে–পষেকে চলাই থাকে সীমামূৰীয়া জিলাকেইখনৰ আৰক্ষীয়ে৷ এনেধৰণৰ সুৰাভর্তি বাহন জব্দ হোৱাৰ লগে লগে সদায়ে উচ্চাৰণ হয় সুৰা মাফিয়া হাজৰিকাৰ নাম৷ কিয়নো তেৱেঁই বর্তমান সময়ৰ সুৰা সাম্রাজ্যৰ একছত্রী মাফিয়া৷ অথচ আৰক্ষী থানাত ৰুজু হোৱা কোনো এটা গোচৰতে আৰক্ষীয়ে ঢুকি নাপায় কুখ্যাত মাফিয়াজনক৷ তেনে এটা গোচৰ ৰুজু হৈছিল গোলাঘাট জিলাৰ চুঙাজান থানাত৷ উক্ত থানাৰ অধীনত ২০১৯ চনৰ ২ অক্টোবৰত কেইবালক্ষ টকাৰ মেকডুৱেল নাম্বাৰ ১ সুৰাৰ বটল জব্দ হৈছিল৷ অৰুণাচল প্রদেশৰ ইউনাইটেড ব্রাদার্ছ ডিষ্টিলার্ছৰ পৰা এই সুৰাৰ বটলসমূহ নাগালেণ্ডলৈ চালান দিবলৈ নিয়া হৈছিল৷ উক্ত ঘটনাত প্রত্যক্ষভাৱে সুৰা মাফিয়া হাজৰিকাৰ নাম সাঙোৰ খাই পৰিছিল৷ কিন্তু তাৰ পিছতো আৰক্ষীয়ে তেওঁৰ ছাঁটোকে ঢুকি পাবলৈ সক্ষম নহ’ল৷ একেধৰণে অসমৰ বহু থানাত অবৈধ সুৰা সৰবৰাহ সংক্রান্তীয় গোচৰ ৰুজু হৈ আছে যদিও দিছপুৰৰ এক বিশেষ শক্তিৰ আশীর্বাদত তেওঁ নির্বিঘ্ণে এই চোৰাং ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে৷ গভীৰ বিত্তীয় সংকটৰ সন্মুখীন হোৱা ৰাজ্য চৰকাৰক কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি অহা সুৰা মাফিয়া ‘হাজৰিকা’ক দিছপুৰে কিহৰ স্বার্থত ৰক্ষণাবেক্ষণ দি আহিছে সেয়া এক নুবুজা সাঁথৰ হৈ পৰিছে৷