নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত কাৰাটে প্ৰতিযোগিতাত অসমৰ পাঁচ সোণৰ পদক অৰ্জন

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ : মুম্বাইত ৩ ছেপ্টেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুক্ত কাৰাটে প্ৰতিযোগিতাত আমাৰ অসমৰ ৫ খেলুৱৈয়ে সোণৰ পদক পাবলৈ সক্ষম হৈছে। সোণৰ পদক পোৱা খেলুৱৈসকলৰ নাম ক্ৰমে ৰুলাক্ষী শৰ্মা, অংকুৰ পাটৰ, পৰাগ মেধী, মামু চৌধুৰী, পৰাগ পাটৰ। মুম্বাইৰ নেচনেল কাৰাটে প্ৰতিযোগিতাত কৰ্ণাটক, বিহাৰ, উৰিষ্যা, হিমাচল, উত্তৰ প্ৰদেশ , হাৰিয়ানা, পাঞ্জাব, অসম আদিকে ধৰি কেবাখনো ৰাজ্যৰ পৰা এই খেলখনত অংশগ্ৰহণ কৰিছিল‌ আৰু খেলখনত মূখ্য অতিথি হিচাপে বলিউডৰ অভিনেতা চনু চুদ ‌উপস্থিত আছিল।
প্ৰেৰক : প্ৰতাপ হাজৰিকা
You might also like