আফগানিস্তানত আবদ্ধ অসমীয়াক উদ্ধাৰ কৰা নাই অসম চৰকাৰেঃ ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: তালিবান নিয়ন্ত্রিত আফগানিস্তানত অসমৰো বহু লোক আবদ্ধ হৈ আছে৷ কিন্তু তেওঁলোকক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ অসম চৰকাৰে এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিব লাগে৷ –এই দাবী প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰিপুণ বৰাৰ৷
দেওবাৰে নতুন দিল্লীত এখন সংবাদ মেল অনুষ্ঠিত কৰি বৰাই অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপনেৰে সৰৱ হৈ পৰে৷ তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্য চৰকাৰসমূহে যুদ্ধবিধ্বস্ত আফগানিস্তানত আবদ্ধ হৈ থকা নিজ নিজ ৰাজ্যৰ নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ কেন্দ্রক হেঁচা দি আছে৷ অথচ এইক্ষেত্রত অসম চৰকাৰ সম্পূর্ণ নির্বিকাৰ৷ আনকি অসম চৰকাৰৰ হাতত এই সম্পর্কত কোনোধৰণৰ তথ্যই নাই বুলিও তেওঁ অভিযোগ তোলে৷
বিজেপি নেতৃত্বাধীন দ্বিতীয়টো কার্যকালৰ মিত্রজোঁট চৰকাৰৰ ১০০ দিন সম্পূর্ণ হোৱাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি দাঙি ধৰা খতিয়ান সন্দর্ভতো বৰাই প্রতিক্রিয়া ব্যক্ত কৰে৷ তেওঁৰ মতে, ক’ভিড–১৯বিৰোধী যুঁজৰ পৰা আৰম্ভ কৰি গো–সুৰক্ষা আইন, অৰুণোদয় আঁচনি, চাহ শ্রমিকৰ মজুৰি আদি কোনো এটা দিশতেই বিজেপি চৰকাৰখনে সফলতা অর্জন কৰিব পৰা নাই৷ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলোৱা এনকাউণ্টাৰ সন্দর্ভতো তেওঁ প্রতিক্রিয়া ব্যক্ত কৰে৷ বৰাই কয় যে বিগত ১০০ দিনত প্রায় ৩৫টা এনকাউণ্টাৰ সংঘটিত হৈছে৷ এইক্ষেত্রত সম্পূর্ণৰূপে উলংঘা কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ গাইড লাইন৷ মানৱ অধিকাৰৰ বিষয়টো অৱজ্ঞা কৰা হৈছে৷
আনহাতে প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতিজনে তেওঁ তৃণমূল কংগ্রেছত যোগদান কৰাক লৈ শেহতীয়াভাৱে চলি থকা চর্চা সম্পূর্ণৰূপে নস্যাৎ কৰে৷ এই সম্পর্কত বৰাই কয় যে এয়া শাসকীয় বিজেপিৰ চক্রান্ত হ’ব পাৰে৷ কংগ্রেছ ত্যাগ কৰিবলগীয়া হ’লে মই বহু পূর্বেই কৰিব পাৰিলোঁহেঁতেন৷ সেইদৰে মহিলা কংগ্রেছৰ সর্বভাৰতীয় সভানেত্রী হোৱাৰ পাছতো দল ত্যাগ কৰা সুস্মিতা দেৱ সন্দর্ভত বৰাই কয় যে বৰাকৰ নেত্রীগৰাকীয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবেই কংগ্রেছ এৰি তৃণমূল কংগ্রেছত যোগদান কৰিছে৷ অৱশ্যে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী তথা ৰাহুল গান্ধীৰ বিৰুদ্ধে কোনোধৰণ বিৰূপ মন্তব্য নকৰাৰ বাবে বৰাই সুস্মিতা দেৱৰ শলাগ লৈ কয় যে অনাগত দিনত বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ ঐক্যবদ্ধ যুঁজৰ ক্ষেত্রত সুস্মিতা দেৱৰ অৱদান থকাটো নিশ্চিত৷