অসমীয়া চলচ্চিত্র ‘লংকাকাণ্ড’ৰ শুভ মহুৰত
আৰবি প্রডাকচনৰ বেনাৰত হ’ব নির্মাণঃ অভিনয়ত জনপ্রিয় শিল্পী
নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ নৱবর্ষৰ আৰম্ভণিতেই সাংস্কৃতিক ক্ষেত্রখনলৈ এটা ভাল খবৰ৷ বিগত এবছৰ ধৰি ক’ৰোনা মহামাৰীৰ বাবে ম্লান পৰি থকা সাংস্কৃতিক ক্ষেত্রখন পুনৰ উজ্জীৱিত হৈ উঠা পৰিলক্ষিত হৈছে৷ কিয়নো ইতিমধ্যে চলচ্চিত্র জগতখনত তাৰকা শিল্পীসমৃদ্ধ বহুকেইখন অসমীয়া ছবি নির্মাণৰ কাম হাতত লোৱা হৈছে৷ ইয়াৰ মাজতেই সম্পূর্ণ ব্যতিক্রম ৰূপত নাম মুকলি তথা শুভ মহুৰত সম্পন্ন হ’ল আন এখন বিগ বাজেটৰ অসমীয়া ছবিৰ৷ ছবিখনৰ নাম ‘লংকাকাণ্ড’৷ আৰ বি প্রডাকচনৰ বেনাৰত নির্মাণ হ’বলগীয়া ছবিখনৰ প্রযোজনা অংকিতা দাস চৌধুৰী, টুন টুন শইকীয়া বর্মন, মনীশ আগৰৱাল, প্রশান্ত বর্মন আৰু গোবিন্দ চন্দ্র বড়োৰ৷ ছবিখনৰ কাহিনী, চিত্রনাট্য, সংলাপ আৰু পৰিচালনা ৰজনী বর্মনৰ৷ সংগীত পৰিচালনা অজয় ফুকন, মৃণাল বৈষ্ণৱ আৰু শেখৰজ্যোতি গোস্বামীৰ৷
শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ জ্যোতি চিত্রবনত এক বর্ণাঢ়্য অনুষ্ঠানত ছবিখনৰ শুভ মহুৰত সম্পন্ন কৰা হয়৷ মহুৰত অনুষ্ঠানটোত উপস্থিত থকা মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে বন্তি প্রজ্জ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে৷ নর্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলীয়ে নাৰিকল ভঙাৰ পিছতেই নিউজ লাইভৰ এডিটৰ ইন চীফ চৈয়দ জাৰিৰ হুছেইনে ছবিখনৰ বেনাৰ মুকলি কৰে আৰু নাট্যকাৰ, পৰিচালক অভিজিৎ ভট্টাচার্যই ছবিখনৰ কেলেণ্ডাৰ মুকলি কৰে৷ ছবিখনৰ কেন্দ্রীয় চৰিত্রত অভিনয় কৰিব জনপ্রিয় অভিনেতা নিপন গোস্বামী, মৃদুল ভূঞা, চম্পক শর্মা, মুনমী ফুকন, ভ্রান্তি মেধি, ৰীণা বৰা, অৰুণ হাজৰিকা, অতুল পাচনি, ডাঃ আলেখ্য বৰুৱা, জয়ন্ত দাস, পৰাণ কমল, অৰূপ বৈশ্য, অঞ্জন জ্যোতি বেজ, অমূল্য কুমাৰ, চিৰঞ্জীৱ বৰা, ৰমেন তামুলী, যতীন খনিকৰ, উজ্জ্বল কুমাৰ, প্রকাশ মেধি, মনোজ গোস্বামী, কবিতা চুতীয়া, জুনজুন বৰা, টুনটুন শইকীয়া বর্মন, লিকুমা শর্মা, তপন শইকীয়া, যুৱ অভিনেতা ভৈৰৱজ্যোতি ভূঞা, অমৰেন্দ্র অলেম্যান, হিমাপ্রীতি, শিশুশিল্পী শ্রেয়া বর্মন, অদিতি নন্দিনী, আৰিয়ানা চৌধুৰী আদি৷