📌 ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েঞ্চ এণ্ড টেকনল’জীৰ গৱেষণা
বিশেষ বাৰ্তা, ২৮ জুনঃ ৰাজ্যত উৎপাদিত সুগন্ধি জহা চাউলে শেহতীয়াকৈ কঢ়িয়াই আনিছে সুখবৰ৷ একমাত্র অসমত উৎপাদন হোৱা এই জহা চাউলৰ আছে বহু পৰিমাণৰ ৰোগ প্রতিৰোধ ক্ষমতা৷ জহা চাউলত থকা এই ৰোগ প্রতিৰোধী ক্ষমতাৰ বিষয়ে শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত ৰাজ্যৰ লগতে দেশ–বিদেশতো অভাৱনীয়ভাৱে চাহিদা বৃদ্ধি পাইছে৷ উল্লেখ্য যে ভাৰত চৰকাৰৰ বিজ্ঞান–প্রযুক্তি বিভাগৰ প্রতিষ্ঠান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েঞ্চ এণ্ড টেকনল’জী (আইএএছএছটি)ৰ দ্বাৰা এক গৱেষণাৰ অধ্যয়নত দেখা গৈছে যে জহা চাউলে মানৱ শৰীৰত ৰক্ত শর্কৰা (ব্লাড ছুগাৰ) আৰু মধুমেহ (ডায়েবেটিছ) প্রতিৰোধ কৰিব পাৰে৷ গৱেষণা অনুসৰি জহা চাউলৰ দুটা অসংপৃক্ত ফেটি এচিড থাকে৷ অ’মেগা–৬ আৰু অ’মেগা–৩ এই দুয়োটাই শৰীৰত ৰোগ প্রতিৰোধ কোষ সৃষ্টি কৰি শাৰীৰিক স্থিতি মজবুত কৰি ৰাখে৷ সেয়াই নহয়, অ’মেগা–৩ এচিডে কার্ডি’ভাস্কুলাৰ আৰু কর্কট ৰোগৰ দৰে বহুকেইটা ৰোগ প্রতিহত কৰিব পাৰে৷ মন কৰিবলগীয়া যে অসমত সময় অনুসাৰে চাৰি প্রকাৰৰ ধান খেতি কৰা হয়৷ শালি, আহু, বাও আৰু বৰো ধান৷ এই চাৰি ধান খেতিৰ মাজত উৎপাদন কৰা জহা ধানৰ চাউল অনন্য শ্রেণীৰ৷ যাক পৰম্পৰাগতভাৱে অসম জহা চাউল বুলি জনা যায়৷ স্মর্তব্য যে ২০১৭ চনত জহা চাউলে ভৌগোলিক ইণ্ডিকেচন টেগ (জিআই) লাভ কৰিছিল৷ অতি লক্ষণীয় দিশটো হ’ল যে অসমৰ জহা চাউলৰ বিষয়ে প্রাচীন শাস্ত্র সপ্তকাণ্ড ৰামায়ণত উল্লেখ কৰা হৈছে৷ ৰাম–ৰাৱণৰ যুদ্ধৰ সময়ত ৰাৱণৰ ভাতৃ কুম্ভকর্ণক টোপনিৰ পৰা জগাবলৈ তেওঁৰ নাকৰ সন্মুখত জহা চাউল ৰান্ধি ৰখা হৈছিল, যাতে জহাৰ সুগন্ধই কুম্ভকর্ণৰ ইন্দ্রিয় সক্রিয় কৰি তোলে৷ এনে জহা চাউল শেহতীয়াকৈ ৰোগ প্রতিৰোধী বুলি গৱেষণাত স্পষ্ট হোৱাত স্বাভাৱিকতে ইতিবাচক খবৰ ৰূপে বিবেচিত হৈছে৷ যি সময়ত ব্লাড প্রেছাৰ, ডায়েবেটিছ আদি ৰোগে প্রায় ৬০ শতাংশ লোকৰ দৈনন্দিন জীৱন বাধাগ্রস্ত কৰি তুলিছে, তেনে সময়ত জহা চাউলে এনে ৰোগ প্রতিহত কৰিব পাৰে বুলি গৱেষণাত প্রকাশ পোৱা তথ্যই জহা চাউলৰ উপকাৰিতা তথা চাহিদা অধিক বৃদ্ধি কৰি তুলিছে৷