বিশেষ বাৰ্তা, ৩০ জুনঃ ৰাজ্যজোৰা প্রতিক্রিয়াত অসমীয়া ভাষা প্রত্যাহাৰৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত অৱশেষত বাতিল কৰিবলৈ বাধ্য হ’ল কৰ্তৃপক্ষ৷ এতিয়াৰ পৰা বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়ন কৰা স্নাতক পর্যায়ৰ শিক্ষার্থীসকলে অসমীয়া অথবা ইংৰাজী যিকোনো ভাষাতে পৰীক্ষাত লিখিব পাৰিব৷ আজি বিশ্ববিদ্যালয়খনৰ উপাচার্যৰ অনুমতি সাপেক্ষে শৈক্ষিক পঞ্জীয়কে এক নির্দেশনাৰ জৰিয়তে এই কথা প্রকাশ কৰিছে৷ উল্লেখ্য যে যোৱা ২৬ জুনত বিশ্ববিদ্যালয়খনৰ কর্তৃপক্ষই এক নির্দেশনাৰ জৰিয়তে স্নাতক পর্যায়ৰ শিক্ষার্থীসকলে কেৱল ইংৰাজী ভাষাৰহে পৰীক্ষাত লিখিব পাৰিব বুলি প্রকাশ কৰিছিল৷ স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ এই নির্দেশনাক লৈ সমগ্র ৰাজ্যতে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয়৷ দল–সংগঠনকে ধৰি একাধিক সচেতন ব্যক্তিয়ে বিশ্ববিদ্যালয়খনৰ সিদ্ধান্তৰ বিৰোধিতা কৰে৷ সদৌ অসম ছাত্র সন্থাৰ এটা সঁজাতি দলে বিশ্ববিদ্যালয়খনৰ উপাচার্যক সাক্ষাৎ কৰি পুনৰ অসমীয়া মাধ্যম বাহাল ৰাখিবলৈ দাবী উত্থাপন কৰিছিল৷ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, লাচিত সেনাকে ধৰি একাধিক দল–সংগঠনে বিশ্ববিদ্যালয়খনৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল৷ ৰাজ্যজুৰি হোৱা এনে প্রতিক্রিয়াত সেও মানি অৱশেষত বিশ্ববিদ্যালয়খনে অসমীয়া ভাষাত পুনৰ শিক্ষার্থীক পৰীক্ষাত লিখিবলৈ অনুৰেআত্থধ প্রদান কৰিছে৷