নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতিটোৱে এজন মহানায়কক হেৰুৱালে

শোকস্তব্ধ মন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ বর্ষীয়ান ৰাজনীতিবিদ তথা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগত জাতিটোৱে এজন মহানায়কক হেৰুৱালে বুলি মন্তব্য কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ প্রাক্তন মুখ্যমন্ত্রীগৰাকীক শেষ শ্রদ্ধা জ্ঞাপনৰ বাবে ৰখা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হৈ মন্ত্রীগৰাকীয়ে কয়– ‘এজন মহান নেতাৰ প্রস্থান হৈছে৷ আজি সমগ্র জাতিটোৱে আৱেগিক হৈ পৰিছে৷ ১৯৯৭ চনৰ পৰা কালিৰ দিনটোলৈ তেওঁৰ সৈতে এটা দীঘলীয়া সম্পর্ক আছিল৷ এই সম্পর্কত তিতাও আছে, মিঠাও আছে৷ কিন্তু মুখ্যমন্ত্রীৰ কালছোৱাত তেওঁ জাতিটোৰ প্রতি যি অৱদান আগবঢ়াই গ’ল, সেয়া জাতিয়ে সদায় সুঁৱৰিব৷’ ২০০১ চনত অশান্ত অসমৰ শাসনভাৰ গ্রহণৰ পাছত ৰাজ্যত শান্তি স্থাপনৰ বাবে প্রয়াত গগৈয়ে লোৱা বলিষ্ঠ পদক্ষেপৰ কথা উল্লেখ কৰি ড০ শর্মাই কয় যে ২০০১ চনত যেতিয়া কংগ্রেছ শাসনলৈ আহিছিল, সেই সময়ত চৰকাৰী ব্যৱস্থা এটাই গুপ্তহত্যাৰ জৰিয়তে আলফাক দমন কৰাৰ বাবে পৰামর্শ দিছিল৷ সেই সময়ত অত্যন্ত সাহসিকতাৰে তৰুণ গগৈয়ে সিদ্ধান্ত লৈছিল যে আলফাক গুপ্তহত্যাৰ জৰিয়তে দমন কৰিব পৰা নাযাব৷ সেই ধৰণৰ পন্থা চৰকাৰে স্বীকাৰ নকৰে৷ আনহাতে, আই এম ডি টি আইন বাতিল হোৱাৰ পাছত ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন নকৰাৰ সাহসিক সিদ্ধান্ত তৰুণ গগৈয়ে গ্রহণ কৰিছিল বুলিও তেওঁ মন্তব্য কৰে৷ এই প্রসংগতে ড০ শর্মাই এইবুলিও কয়– ‘২০১১ চনলৈ ৰাজনৈতিক দিশত তৰুণ গগৈয়ে জাতিটোৰ হকে বহু বলিষ্ঠ সিদ্ধান্ত গ্রহণ কৰিছিল৷ এই কথা বিধানসভাৰ মজিয়াত মই বিজেপিলৈ অহাৰ পাছতো কৈছোঁ আৰু আজিও ক’ম৷ জাতিটোৱে স্বাভাৱিকতেই মহানায়ক এজনক হেৰুৱাইছে৷’
জিএমচিএইচত গগৈয়ে জন্মদিনৰ কেক নাকাটিলে
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰামর্শ মানি এইবাৰ ১১ অক্টোবৰৰ জন্মদিনৰ দিনা কেক কটা নাছিল সদ্যপ্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ আজি সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ মন্ত্রী ড০ শর্মাই কয় যে গগৈৰ জন্মদিনৰ দিনা বয়সৰ জোখেৰে কেক এটা তেওঁৰ ওচৰলৈ লৈ যোৱা হয়৷ এইবাৰ গগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তো ১১ অক্টোবৰৰ দিনা গগৈৰ ওচৰলৈ কেক লৈ অহা সম্পর্কত আলোচনা হৈছিল৷ সেই সময়ত মন্ত্রী ড০ শর্মাই গগৈৰ ইনফেকচন হোৱাৰ শংকা কৰি চিকিৎসালয়লৈ কেক অনাৰ পোষকতা কৰা নাছিল৷ তাৰ পৰিৱর্তে জন্মদিনৰ দিনা চিকিৎসালয়লৈ কেৱল পৰিয়ালৰ লোক অহাহে উচিত হ’ব বুলি কৈছিল৷ লগে লগে গগৈয়ে ‘হিমন্ত, তুমি ঠিকেই কৈছা, ইয়াত নালাগে’ বুলি কৈ মন্ত্রী ড০ শর্মাৰ পৰামর্শ মানি লয়৷ মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, যোৱা ২৬ আগষ্টত গগৈ জি এম চি এইচত ভর্তি হোৱাৰ দিনৰে পৰা কালিলৈকে ৫০ৰ পৰা ৭০বাৰ গগৈৰ ওচৰলৈ গৈছে৷ বিভিন্ন সময়ত গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰিছে৷ কিন্তু গগৈৰ জন্মদিনৰ আগে আগে হোৱা সেই মত বিনিময় কথোপকথন হিচাপে গুৰুত্বপূর্ণ বুলি তেওঁ অভিহিত কৰে৷ প্রয়াত মুখ্যমন্ত্রী গগৈৰ সৈতে তেওঁৰ সান্নিধ্য সম্পর্কত সাংবাদিকে প্রতিক্রিয়া জানিব বিচৰাত তেওঁ কয় যে ২০ বছৰৰ সম্পর্ক এটা বা দুটা শব্দৰে প্রকাশ কৰিব নোৱাৰি৷ অনাগত দিনত এই বিষয়ে তেওঁ বিস্তৃতভাৱে ক’ব৷ এই মুহূর্তত গগৈৰ অন্তিম সংস্কাৰ পৱিত্র হওক, ভাল হওক, তাক সফল কৰাত তেওঁলোক ব্যস্ত হৈ আছে৷

You might also like