নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–ষ্ট্রেলিয়াৰ দিবা–নৈশ টেষ্ট: বেগী বলাৰক লৈ আশাবাদী শাস্ত্রী

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ দিবা–নৈশ টেষ্টত ভাৰতৰ অভিজ্ঞতাৰ অভাৱ যদিও তাৰকাসমৃদ্ধ বেগী বলাৰক লৈ আশাবাদী মুখ্য প্রশিক্ষক ৰবি শাস্ত্রী৷ অহা ১৭ ডিচেম্বৰৰ পৰা এডিলেইডত আৰম্ভ হ’বলগীয়া গুলপীয়া বলৰ দিবা–নৈশ টেষ্টলৈ টীম ইণ্ডিয়াৰ প্রস্তুতি সন্দর্ভত শাস্ত্রীয়ে  কয় যে দিবা–নৈশ টেষ্টত ভাৰত তেনেই অনভিজ্ঞ৷ তথাপি যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামিৰে গঠিত বেগী বলিং আক্রমণক লৈ টীম ইণ্ডিয়া অত্যন্ত আত্মবিশ্বাসী৷ ‘আমি এতিয়ালৈকে মাত্র এখনহে দিবা–নৈশ টেষ্ট খেলিছোঁ৷ তাকো আমাৰ প্রতিদ্বন্দ্বী আছিল তুলনামূলকভাৱে দুর্বল বাংলাদেশ৷ এইবাৰ অষ্ট্রেলিয়াৰ বিৰুদ্ধে আমাৰ প্রকৃত পৰীক্ষা হ’ব৷

অৱশ্যে আমাৰ সৈতে আছে যশপ্রীত বুমৰাহ, মহম্মদ ছামি, উমেশ যাদৱ আদিৰ দৰে বিশ্বমানৰ বেগী বলাৰ৷ তেওঁলোকে নিজৰ শক্তিৰ বলত অষ্ট্রেলিয়াক বান্ধি ৰাখিবলৈ সক্ষম হ’ব বুলি আমি আশাবাদী৷’ প্রশিক্ষক শাস্ত্রীয়ে এইদৰে কয়৷

উল্লেখ্য যে দুবছৰ পূর্বে অষ্ট্রেলিয়াৰ মাটিত ভাৰতক ঐতিহাসিক টেষ্ট শৃংখলা জয়ৰ সোৱাদ দিয়া অধিনায়ক বিৰাট কোহলি এডিলেইড টেষ্টৰ পিছতে স্বদেশলৈ উভতি আহিব৷

You might also like