নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰা জাতীয় বিদ্যালয়ত অসমীয়া মাতৃভাষা দিৱস পালন

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ “চৰকাৰে মাতৃভাষাৰ শত্ৰুতা কৰি প্ৰথমে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পৰা অসমীয়া আতৰালে, তাৰ পিছত অসমীয়াৰ আবেগৰ কথা কোৱা চৰকাৰে নতুন শি‍ক্ষা নীতিৰ বিপৰীতে গৈও তৃতীয় শ্ৰেণীৰ পৰাই ইংৰাজী ভাষাত পঢ়োওৱাৰ নীতি তৈয়াৰ কৰিলে ৷ চৌদিশে ইয়াৰ বিৰোধিতা হ’ল, কিন্তু চৰকাৰ নাচোৰবান্দা ৷ নিজৰ সিদ্ধান্তত অটল থাকি কণ কণ শিশুহঁতৰ শৈক্ষিক জীৱনলৈ অন্ধকাৰ ভৱিষ্যৎ নমাই আনিছে ৷ পৃথিৱীৰ প্ৰতিটো শ্ৰেষ্ঠ জাতিয়েই মাতৃভাষাত শি‍ক্ষা লৈ আগবাঢ়ি গৈছে, আমি হীনমন্যতাত ভোগাৰ প্ৰয়োজন নাই, মাতৃভাষাইহে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব ৷” এই মন্তব্য চিনামৰা জাতীয় বিদ্যালয়ৰ সঞ্চালক তথা নিবন্ধকাৰ দিব্যজ্য‍োতি শর্মাৰ ৷ আজি চিনামৰা জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা অসমীয়া মাতৃভাষা দিৱসৰ কার্যসূচীত বক্তৃতা প্ৰদান কৰি শর্মাই সকলো অভিভাৱকক নিজৰ ভাষাত ছাত্ৰ-ছাত্ৰীক শি‍ক্ষা দিবলৈ আহ্বান জনায় ৷ আনহাতে আজি দিৱসত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থকা চিনামৰা জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ৰেক্টৰ তথা কবি, গল্পকাৰ প্ৰদীপ গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ মাতৃভাষাৰ গুৰুত্ব ব্যাখ্যা কৰে ৷ উল্লেখযোগ্য যে, ১৮৩৬ চনত একাংশ অসমীয়া বিৰোধী লোকৰ চক্ৰান্তত পৰি অসমীয়া ভাষাই যি অজ্ঞাতবাস খাটিব লগা হৈছিল তাৰ অন্ত পৰিছিল ১৯৭২ চনৰ আজিৰ দিনটোতে ৷ হেমচন্দ্ৰ বৰুৱা, গোণাভিৰাম বৰুৱা, আনন্দৰাম বৰুৱাৰ দৰে‍ একাংশ দিকদর্শী অসমীয়াৰ দীর্ঘদিনৰ দাবী আৰু অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিষ্ঠাৰ পিছত আজিৰ দিনটোতে বৃটিছ প্ৰশাসনে অসমৰ শিক্ষা প্ৰতিষ্ঠান আৰু আদালতত অসমীয়া ভাষা পুনৰ প্ৰৱর্তন কৰবিলৈ বাধ্য হৈছিল ৷ এই দিনটো সমগ্ৰ অসমীয়াই মনত ৰখা উচিত আৰু ইয়াক পালন কৰিব লাগে ৷ আজি চিনামৰা জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা এই দিৱসত নগালেণ্ড ডিমাপুৰৰ হার্বাড ফ্ৰেন্সিচ স্কুলৰ অধ্যক্ষ তচিৱাঙকে প্ৰমুখ্য কৰি শি‍ক্ষক-শি‍ক্ষয়িত্ৰী আৰু ৫০ জনীয়া শি‍ক্ষার্থীৰ এটা দল উপস্থিত থাকে ৷ নগালেণ্ড জ্ঞান-বি‍জ্ঞান সমিতিৰ তৰফৰ পৰা উপস্থিত থকা দলটোৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গীত আৰু নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চিনামৰা জাতীয় বিদ্যালয়ৰ পুথিভঁৰাল, বি‍জ্ঞানাগাৰ, ডিজিটেল শ্ৰেণী কোঠা আদি দর্শন কৰে ৷ তেওেঁলাকে চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো হার্বাড ফ্ৰেন্সীচ স্কুললৈ নিমন্ত্ৰণ কৰি থৈ যায় ৷ আনহাতে আজি অনুষ্ঠিত মাতৃভাষা দিৱসত শ্ল’গান আৰু প’ষ্টাৰ প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে সপ্তম শ্ৰেণীৰ গায়ত্ৰী বৰুৱা, পঞ্চম শ্ৰেণীৰ যাজ্ঞিকা শর্মা আৰু পঞ্চম শ্ৰেণীৰ আলফুল কৃষ্ণা ককিতয়ে৷ ‘খ’ শাখাত প্ৰথম স্থান কৰে দশম শ্ৰেণীৰ স্নেহম দত্তই, দ্বিতীয় স্থান লাভ কৰে দশম শ্ৰেণীৰ ঋষিৰাজ দত্তই আৰু তৃতীয় স্থান লাভ কৰে অষ্টম শ্ৰেণীৰ ডিম্পী শইকীয়াই৷ মাতৃভাষা বিষয়ক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে দশম শ্ৰেণীৰ ৰিকি মহন্তই, দ্বিতীয় স্থান অষ্টম শ্ৰেণীৰ নির্মালী বৰা আৰু দশম শ্ৰেণীৰ ৰিয়া শইকীয়াই, তৃতীয় স্থান লাভ কৰে নৱম শ্ৰেণীৰ অভি‍জ্ঞান বৰাই, ষ্ঠ শ্ৰেণীৰ কৃষ্ণালয়া মহন্ত আৰু উদগণি‍ বঁটা লাভ কৰে ষষ্ঠ শ্ৰেণীৰ সম্প্ৰীতি বৰুৱাই৷

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like