নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ সুৰক্ষাৰ বাবে অসমীয়াই ইজৰাইলৰ পৰা শিকিব লগা আছে : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ : “অসম আন্দোলনৰ যি মূল ভেটি তথা শ্বহীদৰ ত্যাগৰ যি ভেটি সেই ভেটি বাস্তৱিত কৰাৰ বাবে আমি বদ্ধপৰিকৰ। আত্মনিৰ্ভৰশীল অসম, স্বাৱলম্বী অসম গঢ়াৰ কল্পনাক আমি বাস্তৱিত কৰিব লাগিব”- এই মন্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে- অসমীয়া সুৰক্ষিত হবৰ বাবে ইজৰাইলৰ দৰে দেশৰ পৰা আমি শিকিব লাগিব বুলি কৈ তেওঁ কয় চৌপাশে শত্ৰু থকাৰ পিছতো কি দৰে ইজৰাইল শক্তিশালী হৈ থাকিব পাৰিছে সেই কথা আমি প্ৰত্যেক জনেই শিক্ষা লোৱা দৰকাৰ। তেওঁ লগতে ইজৰাইলৰ ৰাষ্ট্ৰ গঠণৰ বুৰঞ্জী পঢ়িবলৈ আহবান অসমীয়া ডেকা গাভৰুক৷ কেন্দ্ৰীয় শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে অসম আন্দোলনৰ পিকেটিংকাৰীক সেইসময়ৰ ডিআইজি গীল চাহাবৰ নেতৃত্বত লাঠিচালনা কৰা স্মৃতি ৰোমন্থন কৰি খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষাৰ বাবে এইখন চৰকাৰে সকলো পদক্ষেপ হাতত লৈছে বুলি কয়৷ লগতে খিলঞ্জীয়াৰ স্বাৰ্থত ৰাজ্যত ১০ হাজাৰ হেক্টৰ ভুমি বেদখলকাৰীপৰা মুক্ত কৰা হৈছে বুলিও উল্লেখ কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে। লাহে লাহে অসমৰ প্ৰতি টুকুৰা মাটি প্ৰতিটোপাল পানী উদ্ধাৰ কৰিম বুলিও ঘোষণা কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় গোলাঘাট আৰু বিশ্বনাথৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ হ’ব৷ অসমেই এখন ৰাজ্য য’ত প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং,মেডিকেল কলেজ হ’ব৷ এইয়াই বিকাশৰ উদাহৰণ৷ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগীতাই অসমক বিকশিত প্ৰাপ্তিৰ শিখৰত লৈ যাব৷ প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়–অসমীয়া জাতি এনে এটা জাতি যি আমি মমৰ পোহৰত আছো আৰু কেতিয়াবা নিজৰ শৰীৰ জ্বলাই জ্বলাই পোহৰৰে আলোকৃত হৈ আছো। আমি আমাৰ চাৰিওফালে এডাল মমৰ দৰে জ্বলি জ্বলি অসম খনক পোহৰতে আলোকৃত কৰি আছো। এই মমৰ পোহৰ যদি সূৰ্য্যৰ পোহৰলৈ ৰূপান্তৰিত কৰিব পৰো অসমীয়া জাতিক কোনেও আন্ধাৰৰ অমাৱস্যাৰে ঢাকিব নোৱাৰে। আমাৰ এই অসমীয়া জাতিক লৈ আত্মনিৰ্ভৰশীলতাৰ পৰা ইতিহাস ৰচনা কৰিব পাৰো। তেওঁ কয়- ১৯৭৯ চনৰ আজিৰ দিনটোতেই বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে কংগ্ৰেছ চৰকাৰৰ আমোলত থকা পুলিচ বাহিনীৰ গুলীত নিহত হৈছিল। ছবছৰীয়া আন্দোলন কালৰ প্ৰথম গৰাকী শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। সেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিতেই ১০ ডিচেম্বৰ তাৰিখে ৰাজ্যজুৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস। এই শ্বহীদ দিৱসত জড়িত হৈ আছে অসমৰ অস্তিত্ব ৰক্ষা কৰিবলৈ যোৱা ৮৫৫জন অসমীয়া পাহুৱাল ডেকাৰ কেচা তেজ সহস্ৰাধিক লোকৰ ত্যাগ, পঙ্গু জীৱনৰ আহুতি৷ ১৯৭৮ চনত মঙলদৈৰ উপ-নিৰ্বাচনৰ সময়ছোৱাত সংশোধিত ভোটাৰ তালিকাত প্ৰকাশ পাইছিল প্ৰায় ৪৫ হাজাৰগৰাকী সন্দেহযুক্ত অবৈধ বিদেশী ভোটাৰৰ নাম। ইয়াৰ পাছতেই ৰাজ্যত বিয়পি পৰে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰ জুইৰ দাবানল। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ় লৈ উঠা এই আন্দোলনত হেজাৰ হেজ‍াৰ অসমীয়াই যোগদান কৰি শক্তিশালী কৰি তুলিছিল আন্দোলনটোক। আৰক্ষী-সেনাৰ অত্যাচাৰৰ ৮৫৫জনে মৃত্যুক আকোৱালি লোৱাৰ বিপৰিতে বহুতে পংগু হৈ পৰিল ইমানৰ পাছতো থমকি ৰোৱা নাছিল আন্দোলনৰ তীব্ৰতা । এক আবেগিক ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়–অস্তিত্ব ৰক্ষা আন্দোলনত প্ৰাণ আহুতি দি অসমীয়াৰ মান ৰখা বীৰ শ্বহীদ সকল আমাৰ চিৰনমস্য। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনত অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদৰ ত্যাগক সুৱৰি বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাই আজি চতিয়া সমষ্টিৰ জামুগুৰিহাটত কেন্দ্ৰীয়ভাৱে উদযাপন কৰে শ্বহীদ দিৱস। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি ভালে সংখ্যক মন্ত্ৰী বিধায়ক উপস্থিত থকা শ্বহীদ দিৱসত অবিভক্ত শোণিতপুৰ জিলাৰ ১৫৯ শ্বহীদ পৰিয়ালক সম্বধৰ্ণা জনোৱা হয়। প্ৰায় পোন্ধৰ হাজাৰৰো অধিক লোক উপস্থিত থাকে অনুষ্ঠানত। শ্বহীদ তৰ্পণ কাৰ্য্যসূচীত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা তথা অসম আন্দোলনত শ্বহীদ হোৱা জামুগুৰিহাটৰ অষ্ট শ্বহীদৰ বেদিত যুৱ মৰ্চাৰ ৰাজ্যিক সমিতি সভাপতি ৰাকেশ দাস ,চামগুৰি সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জণ শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই শ্বহীদ তৰ্পণ কৰে।ইয়াৰ পাছত যুৱ মৰ্চাৰ উদ্যোগত উলিওৱা হয় এক বিশাৰ বাইক ৰেলী। বাইক ৰেলীত প্ৰায় পাঁচ হাজাৰ যুৱকে অংশ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ সন্মুখত মহাবীৰ লাচিত বৰফুকনৰ ওপৰত ৰচনা কৰা এখন আলেখ্য নাটো প্ৰদৰ্শন কৰা হয়। শ্বহীদ দিৱস কাৰ্য্যসূচীত উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰ, লক্ষীমপুৰ বিধায়ক মানৱ ডেকা, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা, বৰচলাৰ বিধায়ক গনেশ লিম্বু, আৰু গহপুৰৰ বিধায়ক উৎপল বৰা।

প্ৰেৰক হিৰণ্য বৰা

You might also like