নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ ওচৰত অসম বিক্রী নকৰে ৰাইজে

বিহালী–লখিমপুৰ–গহপুৰত ড০ হিমন্ত বিশ্ব শর্মাৰ বিশাল জনসভা–বাইক ৰেলী

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ ৭৭নং বিহালী বিধানসভা সমষ্টিত ভাৰতীয় জনতা পার্টীৰ প্রার্থী ৰঞ্জিত দত্তৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি ‘নেডা’ৰ আহ্বায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এক বিশাল মটৰচাইকেল ৰেলীত অংশগ্রহণ কৰে৷ প্রার্থী ৰঞ্জিত দত্ত, সাংসদ পল্লৱলোচন দাস আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়সহ সহস্রাধিক বাইক আৰোহীয়ে মন্ত্রী ড০ শর্মাক বেদেতী নাচবৰৰ পৰা আদৰি বটিয়ামাৰী, ৰাংচালি, জামুৱনি হৈ ১২ কিলোমিটাৰ পথ অতিক্রম কৰি বেঙাবাৰীত উপস্থিত হয়৷ তাতেই এখন বিশাল জনসভা সম্বোধন কৰি মন্ত্রী ড০ শর্মাই বিহালীবাসী ৰাইজৰ যি অভূতপূর্ব উপস্থিতি আৰু মটৰচাইকেল ৰেলীত অংশগ্রহণ কৰি আহি থকা মুহূর্তত প্রতিটো নামঘৰ, মন্দিৰ আদিত ৰাইজে যি সন্মান জনালে, তাৰ বাবে বিহালীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ বিহালীত এইবাৰ ৰঞ্জিত দত্ত ৭০ হাজাৰ ভোটত জয়যুক্ত হ’ব বুলি উল্লেখ কৰি তেওঁ কয়– ইয়াত মহাজোঁটবন্ধনে কি জঁট লগাইছে ক’ব নোৱাৰোঁ৷ কিন্তু চি পি আই (এম এল) কি দল নাজানো৷ অসমত চি পি আই (এম এল) দলটো নাছিলেই৷ অসমত ই জানো ক’ৰ পৰা ওলাল? মইতো বুজিয়ে পোৱা নাই৷ আজি বিহালীত আহি প্রথম চি পি আই (এম এল) নামটো শুনিছোঁ৷ কংগ্রেছ–চি পি আই–চি পি আই (এম এল) এইবোৰ বদৰুদ্দিন আজমলৰ দালাল৷ এইবোৰে আজমলৰ ছুপাৰি লৈ বহি আছে৷ ৰাইজে বিহালীত পুনৰ বিজেপিৰ ধ্বজা উৰুওৱাটো নিশ্চিত৷ ভাষণত তেওঁ আৰু কয় যে ৰঞ্জিত দত্ত দলৰ এগৰাকী জ্যেষ্ঠ আৰু সন্মানীয় নেতা৷ পাঁচটা বছৰৰ ভিতৰত এটা বছৰ ‘কা’ আন্দোলন আৰু এটা বছৰ ক’ভিডতে গ’ল৷ কাম কৰাৰ বাবে সময় পালে মাত্র তিনিটা বছৰ৷ এই তিনিটা বছৰত বিহালীত দীনদয়াল বিজ্ঞান মহাবিদ্যালয়, স্বাধীনতা সংগ্রামী ছবিলাল উপাধ্যায়ৰ নামত অভিযান্ত্রিক কলেজ, চাহ বাগিচাসমূহত হাইস্কুলকে ধৰি উন্নয়নত কোনো স্থবিৰতা নোহোৱাকৈ আনকি ক’ভিডৰ ভয়াৱহ দিনবোৰতো চৰকাৰী চাকৰিয়ালে নিয়ম মতে দা–দৰমহা পাই থকাৰ ব্যৱস্থা কৰা হৈছে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কার্যভাৰ গ্রহণ কৰাৰ সময়ত চাহ শ্রমিকৰ দৈনিক মজুৰি আছিল ৯৬ টকা৷ এতিয়া তাৰ পৰিমাণ ২১৮ টকালৈ বৃদ্ধি হৈছে৷ অৰুণোদয় আঁচনিত ২২ লাখ মহিলাই ৮৩০ টকাকৈ প্রতিমাহে লাভ কৰি আহিছে আৰু ৮ লাখ মহিলাক এই আঁচনিত অন্তর্ভুক্ত কৰা হ’ব৷ এই আঁচনিত প্রতিমাহে তিনি হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ বিজেপি চৰকাৰৰ দিনত অসমত ৪০ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে৷ মহিলাসকলক বিভিন্ন আঁচনিৰ জৰিয়তে সবলীকৰণ কৰা হৈছে৷ ভাষণত তেওঁ আৰু কয় যে এইবাৰ বিজেপি চৰকাৰ অহাৰ পাছত অহা ৫ বছৰত বিহালীত এক লাখ নিবনুৱা যুৱক–যুৱতীক চাকৰি আৰু বিহালীৰ গৰাখহনীয়া প্রতিৰোধৰ বাবে ১০০ কোটি টকাৰ অনুদান আগবঢ়োৱা হ’ব৷ ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ বাবে সাৰ, কীটনাশক ঔষধ আদিৰ মূল্যত ৫০ শতাংশ ৰেহাই দিয়া হ’ব৷ বেদেতীত এখন মহাবিদ্যালয়ো স্থাপন কৰা হ’ব৷

মন্ত্রী ড০ শর্মাই আৰু কয়– তেওঁৰ ৰাজনৈতিক জীৱনৰ ২০ বছৰ হ’ল৷ এই ২০ ৰাজনৈতিক জীৱনত কেতিয়াও মিছা কথা কোৱা নাই৷ যি কয় সেয়া আখৰে আখৰে পালন কৰে৷ আজিৰ এই সভাতে আমছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হজৰত আলী লস্কৰে বিজেপিত যোগদান কৰে৷ ইপিনে, বিহালীত বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈ নির্দলীয় হিচাপে অৱতীর্ণ হোৱা জয়ন্ত বৰা সম্পর্কত নাম উল্লেখ নকৰাকৈ মন্ত্রী ড০ শর্মাই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে নির্দলীয়ৰ কোনো ভেলু নাই৷ এবাৰ বিজেপিৰ টিকট নাপালে কংগ্রেছলৈ, কংগ্রেছৰ টিকট নাপালে নির্দলীয় হৈ থিয় দিয়া লোকৰ কাম নাই৷ হাতত দুটামান টকা থাকিলেই নির্বাচন নহয়৷ এনে প্রার্থীয়ে বিহালীৰ উন্নয়ন সাধন কৰিব নোৱাৰে৷ বিজেপিলৈ আহি প্রথমতে ভাল কার্যকর্তা হোৱাৰহে পৰামর্শ আগবঢ়ায়৷
বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা গঁতিয়াই বাহিৰ কৰি দিয়াৰ আহ্বান ড০ শর্মাৰ
বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা গঁতিয়াই বাহিৰ কৰি দিয়াৰ আহ্বান জনাইছে ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ সমীপত সমষ্টিটোৰ বিজেপি প্রার্থী মানৱ ডেকাৰ হৈ নির্বাচনী প্রচাৰ চলাই মন্ত্রী ড০ শর্মাই কয় যে আজমলক গঁতিয়াই অসমৰ ৰাজনীতিৰ পৰা বাহিৰ কৰাৰ যি আহ্বান জনোৱা হৈছে, সেয়া শাৰীৰিকভাৱে গঁতিয়াই দিয়াৰ আহ্বান জনোৱা নাই৷ আসন্ন নির্বাচনত ৰাইজে পদুমৰ চিনত ইমানেই ভোট দিয়ক, যাতে সেই বিদ্যুৎ প্রৱাহত আজমল চক খাই যায়৷ আজমলক তীব্র আক্রমণ কৰি মন্ত্রী ড০ শর্মাই কয় যে এইবাৰ নির্বাচনত আজমলৰ ওপৰত আমি জিকিব লাগিব৷ ১৭বাৰ অসমীয়াই মোগলক খেদিছিল৷ আকৌ এবাৰ মোগলক খেদিব লাগিব৷ এই নির্বাচনটো হ’ল খেদ ঐ খেদ, আজমলক খেদৰ নির্বাচন৷ এবাৰ আজমলক খেদিব পাৰিলে নিজৰ ভিতৰত থকা অপ্রীতিক মিলা–প্রীতি কৰি ল’ব পৰা হ’ব৷ কলাক্ষেত্রত মিঞা মিউজিয়াম কেনেকৈ সম্ভৱ বুলি ৰাইজক প্রশ্ণ কৰি মন্ত্রী ড০ শর্মাই এই কথাবোৰ ভোট দিয়াৰ সময়ত ৰাইজক মনত ৰাখিবলৈ আহ্বান জনায়৷ আজমলক পৰাভূত কৰিব নোৱাৰিলে অসম ৰসাতলে যাব বুলি শংকা ব্যক্ত কৰি তেওঁ কয় যে আজমলক ৰোধৰ স্বার্থতে এই নির্বাচনত দলীয় প্রার্থীৰ গুণাগুণ বিচাৰ নকৰি কেৱল দলক ভোট দিয়াৰ আহ্বান জনায়৷ ৰাইজে বিজেপিক ভোট নিদিলে অসমখন আজমলৰ ওচৰত বিক্রী কৰাৰ দৰেহে হ’ব৷ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ কথা উল্লেখ কৰি তেওঁ কয় যে নাওবৈচা সমষ্টিলৈ দেখিলে দুখ লাগে৷ আজমলক ৰুধিব নোৱাৰিলে লখিমপুৰ সমষ্টিও একে অৱস্থালৈ গতি কৰিব৷ অসমীয়া হিন্দু, অসমীয়া মুছলমান, বৌদ্ধ, শিখ সকলোকে লগ লাগি সেইসকলৰ পৰা অসমখন বচাবলৈ আহ্বান জনায়৷ ভাষণৰ মাজতে তেওঁ তেজোদ্দীপ্ত কবিতাৰ পংক্তি আওৰাই উপস্থিত ৰাইজক উজ্জীৱিত কৰি তোলে৷ লখিমপুৰ মেডিকেল কলেজৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে কলেজখনত মকৰল কৰিবলগীয়া তৃতীয় আৰু চতুর্থবর্গৰ সকলো পদ কেৱল লখিমপুৰৰ যুৱক–যুৱতীকহে নিয়োগ কৰা হ’ব৷ ৰাজ্যৰ বিজেপি চৰকাৰখনে যোৱা পাঁচটা বছৰত ৰাজ্যৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে গ্রহণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ খতিয়ানো দাঙি ধৰে৷
গহপুৰত শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ নামত স্থাপন হ’ব ৰাজ্যিক বিশ্ববিদ্যালয়
বদনে মান অনাৰ দৰে ৰিপুণ বৰাই বদৰুদ্দিনক আনিছেঃ ড০ শর্মা
অসম চৰকাৰৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই আজি বিয়লি ৭৮নং গহপুৰ বিধানসভা সমষ্টিত এখন দলীয় কর্মীসভাত অংশগ্রহণ কৰি ভাৰত ত্যাগ আন্দোলনৰ অমৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ নামত গহপুৰত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ প্রতিশ্রুতি দিয়ে৷ গহপুৰ নগৰৰ মাজমজিয়াৰ গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সভাখনত গহপুৰৰ বিজেপি প্রার্থী উৎপল বৰাৰ হৈ নির্বাচনী প্রচাৰ চলাই মন্ত্রী ড০ শর্মাই সমষ্টিটোৰ কংগ্রেছ প্রার্থী তথা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক চোকা ভাষাৰে সমালোচনা কৰে৷ এইবাৰ গহপুৰৰ নির্বাচন উৎপল বৰা আৰু ৰিপুণ বৰাৰ মাজত হোৱা নির্বাচন নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এই নির্বাচন মোগল আৰু অসমীয়া জাতিৰ মাজত হোৱা নির্বাচনহে৷ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কোৱা বদৰুদ্দিন আজমলৰ বোকোচাত উঠি ৰিপুণ বৰাই অসমৰ মুখ্যমন্ত্রী হোৱাৰ সপোন দেখিছে৷ ৰিপুণ বৰাই অসমখন বদৰুদ্দিন আজমলক চমজাই দিব বিচাৰিছে৷ বদনে মান অনাৰ দৰে ৰিপুণ বৰাই বদৰুদ্দিনক আনিছে৷

গহপুৰৰ দৰে পৱিত্র ভূমিৰ ৰাইজে কেতিয়াও বদৰুদ্দিন আজমলক অসমৰ বৰঘৰত সোমাব নিদিয়ে৷ বদৰুদ্দিন আজমলৰ ওচৰত অসমৰ সভ্যতা–সংস্কৃতি এৰি দিব নোৱাৰি বুলি মন্তব্য কৰি ড০ শর্মাই বিজেপি প্রার্থী উৎপল বৰাক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰি কংগ্রেছ দলক উচিত শাস্তি প্রদান কৰিবৰ বাবে গহপুৰৰ ৰাইজক আহ্বান জনায়৷ ২০২২ চনৰ মার্চ মাহৰ আগতে গহপুৰত ৰাজ্যিক বিশ্ববিদ্যালয়খন স্থাপন কৰাৰ প্রতিশ্রুতি দিয়ে৷ ভাষণত তেওঁ বিজেপি চৰকাৰখনে যোৱা ৫টা বছৰত কৰা কাম–কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে কংগ্রেছ দলৰ ৫ গেৰাণ্টীক সমালোচনা কৰি কয় যে যাৰ ওপৰত মানুহৰ বিশ্বাসেই নাথাকে, তাৰহে গেৰাণ্টীৰ প্রয়োজন হয়৷ বিজেপিৰ ওপৰত ৰাইজৰ বিশ্বাস আছে, সেই বাবেই বিজেপিৰ গেৰাণ্টীৰ প্রয়োজন নাই৷ ভাষণৰ সামৰণিত মন্ত্রী ড০ শর্মাই ‘মোৰ মনত অসমী আই’ শীর্ষক কবিতাটো আবৃত্তি কৰি কংগ্রেছৰ বিৰুদ্ধে নির্বাচনী ৰণত জঁপিয়াই পৰিবৰ বাবে গহপুৰৰ বিজেপি তথা মিত্রদলৰ কর্মী–সমর্থকসকল্ আহ্বান জনায়৷ বিশ্বনাথ জিলা বিজেপিৰ সম্পাদক নোমল বৰুৱাই আঁত ধৰা সভাখনত কণ্ঠশিল্পী বিদ্যা সাগৰে গীত পৰিৱেশন কৰাৰ লগতে বিজেপিক ভোটদান কৰিবৰ বাবে আহ্বান জনায়৷

You might also like