নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সমতাপূৰ্ণ বৃহত্তৰ অসমীয়া সমাজ গঢ়িছিল শংকৰদেৱে

নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ শিৱসাগৰ নগৰৰ সমীপৰ ৰজাবাৰী বৰনামঘৰত ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ভাগৱত পাঠ অনুষ্ঠান। এই ভাগৱত পাঠ অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট নিৱন্ধকাৰ তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই। ভাগৱত পাঠ শীৰ্ষক অনুষ্ঠান উদ্বোধন কৰি ড০ মহন্তই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি অৱতাৰী পুৰুষ বুলি অভিহিত কৰো। তেওঁৰ দৰে সৰ্বগুনাকৰ মহাপুৰুষ সমগ্ৰ বিশ্বতেই বিৰল।জাতি-ধৰ্ম-ভাষা-সম্প্ৰদায় সৃস্ট সকলো ধৰণৰ বৈষম্য দূৰ কৰি গুৰুজনাই সমাজত শান্তি-সংহতি-সম্প্ৰীতি আৰু সমতা প্ৰতিষ্ঠা কৰিছিল। স্বৰ্গদেউ চাওলুং চুকাফাই সাত ৰাজ মাৰি এক ৰাজ কৰি ৰাজনৈতিক বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰাৰ দৰেই শংকৰদেৱে জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে এখন সুষম-সমতাপূৰ্ণ আৰু সমৃদ্ধিশালী অসমীয়া সমাজ গঢ়ি তুলিবলৈ সক্ষম হৈছিল ।যেতিয়া ভক্ত সৱে একান্ত মনে শ্ৰীকৃষ্ণৰ গুণ শ্ৰৱণ -কীৰ্তন কৰে ,ভগৱান শ্ৰীকৃষ্ণই বৈকুণ্ঠকো ত্যাগ কৰি সেই স্থানত থিতাপি লয়হি। সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ্ভভাগৱত পাঠৰ জৰিয়তে এই ঐতিহ্যমণ্ডিত গাওখন দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিনত হৈছে। আমাৰ নৱ প্ৰজন্মই এই ভক্তি আধ্যাত্মিক মাৰ্গৰ পৰা আতৰি অহা বুলি অভিযোগ উঠাৰ সময়তেই এনে পবিত্ৰ অনুষ্ঠানে নৱ প্ৰজন্মকো আধ্যাত্মিক মাৰ্গৰ দিশে আকৰ্ষিত কৰিবলৈ সক্ষম হব। যাৰ বাবে এনে অনুষ্ঠানে বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰো দেহ- মন পবিত্ৰ কৰি তুলিবলৈ সক্ষম হৈছে বুলি ড০ মহন্তই উল্লেখ কৰে। উল্লেখ্য যে ৪ দিনীয়াকৈ অৰ্থাত আজিৰে পৰা আৰম্ভ হোৱা ভাগৱত পাঠ অনুষ্ঠানৰ পুঁৱা বিজু দাস,পুনেশ্বৰ দাস,নাৰায়ন দাসৰ পৰিচালনাত উষা কীৰ্তনেৰে কাৰ্য্যসূচী আৰম্ভ হোৱাৰ পিছতেই পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপন, মূল বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলনৰ পিছতেই আয়তী সকলৰ দ্বাৰা পানী তোলা অনুস্থিত হয় ৷ পুৱা দিহানাম সম্ৰাট কমলা গগৈয়ে ভাগৱত ভ্ৰমণ কাৰ্য্যসূচী উদ্বোধন কৰাৰ পিছতেই ডঃ মহন্তই ভাগৱত পাঠ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে ৷ এই উদেশ্যে নামঘৰ চৌহদতেই আয়োজিত আদৰণি অনুষ্ঠানত পৰিচালনা সমিতিয়ে ডঃ মহন্তক চেলেং চাদৰ, গামোচা, সঁফুৰা মান পত্ৰৰে উষ্ম আদৰণী জনায়৷ ভাগৱত পাঠ কাৰ্য্যসূচীৰ অন্যতম উদ্যোক্তা হৰেশ দাসে আঁত ধৰা অনুস্থানটোত উপস্থিত আছিল উদযাপন সমিতিৰ কৰ্মকতা সকল ৷ ইফালে মূল পাঠাচাৰ্য্য সোণেশ্বৰ হাজৰিকা, মূল পাঠেকী নন্দী হাজৰিকা, কৃষ্ণ দাস, সাগৰ দাস আৰু জয়ন্ত দাসৰ নেতৃত্বত আঠ জুলাইলৈকে অৱিৰত ভাৱে অনুষ্ঠিত হব লগীয়া সামৰণীৰ দিনা বছৰেকীয়া বৰ সভা আৰু নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা গান্ধাৰীৰ কৃষ্ণ দৰ্শন শীৰ্ষক ভাওনা ভাগি অনুস্থিত হব ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like