অসম সন্তান অৰূপ কুমাৰ গোস্বামীৰ শপত গ্রহণঃ অন্ধ্রপ্রদেশ হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ
নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আজি শপতগ্রহণ কৰে অসম সন্তান ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে৷ এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ন্যায়াধীশ গোস্বামীক শপত বাক্য পাঠ কৰোৱায় অন্ধ্রপ্রদেশৰ ৰাজ্যপাল বিশ্বব ভূষণ হৰিচন্দনে৷ বিজয়ৱাৰাৰ টুম্মলাপল্লী কলাক্ষেত্রমত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্রী ৱাই এছ জগনমোহন ৰেড্ডী, ৰাজ্যখনৰ মুখ্য সচিব আদিত্য নাথ দাস, অন্ধ্র আৰক্ষীৰ সঞ্চালকপ্রধান গৌতম ছাৱাং, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে সাংসদ–বিধায়ককে ধৰি বহুসংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকে৷
উল্লেখ্য যে কিছুদিন পূর্বে ছিকিম উচ্চ ন্যায়ালয়ৰ পৰা বদলি কৰা হৈছিল ন্যায়াধীশ গোস্বামীক৷ ইয়াৰ পূর্বে ন্যায়াধীশগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও দীর্ঘদিন ধৰি কর্মৰত আছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেওঁ ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ হিচাপেও কিছুদিন দায়িত্ব পালন কৰিছিল৷ ন্যায়াধীশ গোস্বামীয়ে ১৯৮৫ চনত এগৰাকী অধিবক্তা হিচাপে কর্মজীৱন আৰম্ভ কৰিছিল৷