নিয়মীয়া বাৰ্তা, ৩১ জুলাই : পুনৰ মেঘালয়ত অসমৰ এগৰাকী শ্ৰমিকক হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিৱ পৰা মতে কোকৰাঝাৰ জিলাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত কুমগুৰি গাঁৱৰ যুৱক ৰফিকুল ইছলামক (২৭) যোৱা ৩০ জুলাইত মেঘালয়ৰ ৰিভয় জিলাৰ উমিয়াম থানাৰ অন্তৰ্গত ফোৰ কিলো পাইলাৰৰ শ্ৰমিকৰ শিবিৰত হত্যা কৰা হয়৷ তুলসীবিল কুমগুৰী গাঁৱৰ বাসিন্দা নুৰজামাল শেষৰ পুত্ৰ ৰফিকুল ইছলামে এমাহ পুৰ্বে শহুৰেক মাজিয়াল হকৰ সৈতে মেঘালয়লৈ কাম কৰিবলৈ যায়। ৰাজমিস্ত্ৰী মাজিয়াল হকৰ সৈতে শ্ৰমিক হিচাপে মেঘালয়ৰ ৰিভয় জিলাৰ উমিয়াম থানাৰ অন্তৰ্গত ফোৰ কিলো পাইলাৰ নামৰ ঠাইত কাম কৰি আছিল ৷ ৰাজমিস্ত্ৰী মাজিয়াল হকে যোৱা ৩০ জুলাইত বিয়লি প্ৰায় পাচঁ বজাত বজাৰ কৰিবলৈ ওলাই যোৱা সময়ত ৰফিকুল ইছলাম আৰু ৰিপুল চাংমা নামৰ স্থানীয় যুৱক এজনে ৰুমত টিভি চাই আছিল। বিয়লি প্ৰায় সাত বজাত মাজিয়াল হক বজাৰৰ পৰা উভতি আহি ৰুমত ৰফিকুল ইছলাম তেজেৰে লুটুৰিপুটুৰি হৈ পৰি থকা দেখি ততাতৈয়াকৈ উমচাও স্থিত হলি ক্ৰছ হস্পিতাললৈ লৈ যায় যদিও চিকিৎসকে ৰফিকুল ইলামৰ ইতিধ্যে মৃত্যু হোৱা বুলি জনায় ৷ ঘটনা সম্পৰ্কে ৰাজমিস্ত্ৰী তথা ৰফিকুলৰ শহুৰেক মাজিয়াল হকে উমিয়াম আৰক্ষী চকীত ৰিপুল চাংমাই মুৰত আঘাত কৰি ৰফিকুলক হত্যা কৰা বুলি অভিযোগ দাখিল কৰিছে ৷ সম্প্ৰতি ৰফিকুলৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ পিছত মেঘালয়ৰ লম্ফু অসামৰিক চিকিৎসালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে। ইপিনে ঘটনাৰ বাতৰি লাভ কৰাৰ পিছত তুলসীবিল কুমগুৰীৰ ৰফিকুলৰ বাসগৃহত শোঁকাকুল পৰিৱেশ বিৰাজ কৰিছে৷ দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী জন নোহোৱা হোৱাত এতিয়া অনিশ্চয়তা দিন কটাইছে পৰিয়ালটোৱে ৷ আনহাতে পৰিয়ালটোৰ আৰ্থিক দুৰবস্থাৰ ফলত এতিয়া মৃতদেহ ঘৰলৈ অনাৰ বাবেও অপাৰগ হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটোৱে৷ দুৰ্ভগীয়া পৰিয়ালটোৱে মূখ্যমন্ত্ৰীক সহায়ৰ বাবে কাতৰ অনুৰোধ জনোৱাৰ লগতে মেঘালয়ত নিৰ্মম ভাৱে ৰফিকুলৰ হত্যাৰ উচিত তদন্তৰ দাবী জনাইছে ৷
প্ৰেৰক ৰুবুল পাঠক