🔹 ঢকুৱাখনাৰ মজিন শইকীয়াৰ সন্ধান বিচাৰি পৰিয়ালৰ হাহাকাৰ
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱকৰ সৈতে চলন্ত ৰে’লত ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। চলন্ত ৰে’লৰ পৰা দুৰ্বৃত্তই গঁতিয়ালে অসমৰ এজন যুৱকক। কৰ্মৰ সন্ধানত ৰে’লেৰে কেৰালালৈ যাত্ৰা কৰি থকা ঢকুৱাখনাৰ শিঙিয়া গাঁৱৰ মজিন শইকীয়া (৩৫) নামৰ যুৱকজনৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।অন্ধপ্ৰদেশৰ বিজয়ৱাড়া ষ্টেচনৰ কিছু নিলগৰ অংগোল নামৰ ঠাইত সংঘটিত হৈছে এই ঘটনা।অজ্ঞাত ব্যক্তিয়ে ফোনযোগে পৰিয়ালক অৱগত কৰে এই ঘটনা। সম্প্ৰতি যুৱকজন মুমূৰ্ষু অৱস্থাত আছে বুলি অজ্ঞাত ব্যক্তিজনে জনাইছে পৰিয়ালক। যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া মতে, যোৱা ২৪ ফেব্ৰুৱাৰীত কৰ্মৰ সন্ধানত ৰে’লেৰে কেৰালালৈ যাত্ৰা কৰিছিল ঘিলামৰা থানাৰ অন্তৰ্গত শিঙিয়া গাঁৱৰ প্ৰয়াত ৰেৱত শইকীয়াৰ পুত্ৰ মজিন শইকীয়াই। আন সতীর্থৰ সৈতে ৰে’লেৰে কেৰালালৈ যাত্ৰা কৰি থকাৰ সময়তে ২৬ ফেব্ৰুৱাৰীৰ নিশা নিজকে অন্ধপ্ৰদেশৰ আৰক্ষী বুলি চিনাকি দিয়া এজন অজ্ঞাত ব্যক্তিয়ে ফোনযোগে যুৱকজনক ট্ৰেইনৰ পৰা গঁতিয়াই দিয়া বুলি মজিন শইকীয়াৰ পৰিয়ালক অৱগত কৰে। পৰৱৰ্তী সময়ত অতি মুমূৰ্ষু অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলিও জানিবলৈ দিয়ে অজ্ঞাত ব্যক্তিজনে।পিছত পৰিয়ালৰ লোকে বাৰম্বাৰ উক্ত ব্যক্তিজনৰ সৈতে ফোনযোগে যোগাযোগৰ চেষ্টা কৰিও বিফল হয়। দুৰ্ভগীয়া পৰিয়ালটোৰ কোনো ফোন বিশেষ ব্যক্তিগৰাকীয়ে ৰহস্যজনকভাৱে ৰিচিভ নকৰা আৰু গুৰুতৰভাৱে আহত যুৱকজনৰ অৱস্থিতি পৰিয়ালটোক ব্যক্ত নকৰাত দুৰ্ভগীয়া পৰিয়ালটোত কান্দোনৰ ৰোল উঠিছে। উপায়হীন বৃদ্ধ মাতৃ আৰু পৰিয়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ সহায় কামনা কৰিছে ।
প্ৰেৰক পুলকজ্যোতি বৰা