নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ ডানকুনিত অসমৰ যুৱকক সোপাধৰাৰ সন্দেহত গণপ্রহাৰ

🔹 শিশুক অপহৰণৰ অপচেষ্টাৰ সন্দেহ

বিশেষ বাৰ্তা, ১৪ জুলাই : পশ্চিমবংগৰ হুগলিৰ ডানকুনিত কালি অসমৰ নগাঁও জিলাৰ এজন যুৱক সোপাধৰাৰ সন্দেহত গণপ্রহাৰৰ সন্মুখীন হয়৷ উত্তেজিত ৰাইজৰ প্রহাৰৰ পৰা যুৱকজনক তৃণমূল কংগ্রেছৰ স্থানীয় কর্মীয়ে উদ্ধাৰ কৰে আৰু আৰক্ষীৰ জৰিয়তে যুৱকজনৰ চিকিৎসাৰ দিহা কৰে৷ উদ্ধাৰৰ পূর্বে প্রহৃত যুৱকজনক তৃণমূল কংগ্রেছৰ এটা কার্যালয়ত সোমোৱাই উত্তেজিত জনতাৰ ক্ষোভৰ পৰা সুৰক্ষিত কৰি ৰখা হয়৷ প্রহৃত যুৱকজনৰ নাম পাপু ভাবাব বুলি আৰক্ষী সূত্রই সংবাদ মাধ্যমক জনাইছে৷ যুৱকজনৰ ঘৰ অসমৰ নগাঁও জিলাত৷ কিন্তু যুৱকজন কি কাৰণত ডানকুনিলৈ গৈছিল, সেইটো স্পষ্ট নহয়৷ আৰক্ষীয়ে বিষয়টো তদন্ত কৰি থকা বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দর্ভত আৰক্ষীৰ সূত্রই সংবাদ মাধ্যমক জনোৱা মতে, পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনাৰ বেলঘৰীয়া অঞ্চলৰ বাসিন্দা ৰাহুল পাত্র ডানকুনি অঞ্চলৰ আত্মীয় এঘৰলৈ ফুৰিবলৈ আহিছিল৷ কালি দুপৰীয়া তেওঁ আঢ়ৈ বছৰীয়া পুত্রক লগত লৈ ডানকুনি বজাৰলৈ গৈছিল৷ তেওঁ এখন দোকানৰ পৰা কিনি অনা চিপ্ছ পুত্রৰ হাতত তুলি দিবলৈ যাওঁতে দেখে যে এজন অচিনাকি ব্যক্তিয়ে তেওঁৰ সন্তানক কোলাত তুলি লৈ আঁতৰি যোৱাৰ চেষ্টা চলাইছে৷ লগে লগে তেওঁ চিঞৰ-বাখৰ আৰম্ভ কৰি দিয়ে৷ ৰাহুলৰ চিৎকাৰ শুনি আশে–পাশে থকা বহু লোক সেই স্থানত সমৱেত হয় আৰু পাপুক ঘেৰি ধৰি প্রহাৰ কৰিবলৈ লয়৷ ঘটনাটোৰ খবৰ লাভ কৰি ১৬নং ৱার্ডৰ তৃণমূল দলৰ কাউন্সিলৰ সুভজিৎ গাংগুলীয়ে লগত কেইজনমান সংগীক লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু পাপুক সমীপৱর্তী তৃণমূলৰ কার্যালয়লৈ লৈ গৈ উত্তেজিত ৰাইজৰ ক্ষোভৰ পৰা ৰক্ষা কৰে৷ লগতে আৰক্ষীক খবৰ দিয়ে৷

You might also like