বাংগালুৰুত অসমীয়া যুৱতীক বলাৎকাৰ কৰি হত্যা
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হ’ল অসমীয়া যুৱতী। একেলগে পঢ়িবলৈ যোৱা সতীৰ্থই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালে। মাত্ৰ চাৰিদিন পূৰ্বে বাংগালুৰুত পঢ়িবলৈ যোৱা বৰপেটাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ বুধবাৰে উদ্ধাৰ কৰা হয়।
বাংগালুৰত বি এচ চি নাৰ্চিং পঢ়িব যোৱা অসমৰ বৰপেটা জিলাৰ হাউলীৰ নগৰঝাৰৰ জেচমিনাৰা আখতাৰ নামৰ ছাত্ৰী গৰাকী গৰাকীয়ে বাংগালুৰৰ এখন শিক্ষানুষ্ঠানত বি এচ চি নাৰ্চিংৰ বাবে নামভৰ্তি কৰিছিল ৷ নামভৰ্তি কৰাৰ পিছত পৰিয়ালৰ লোকে চাৰিদিন পূৰ্বে জেচমিনাৰা আখতাৰক শিক্ষানুষ্ঠানখনত থৈ আহে যদিও কালি দিনৰ ভাগত ৰহস্যজনক ভাবে মৃতদেহ উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ ৷ মেধাৱী ছাত্ৰীগৰাকীৰ লগতে যোৱা এজন যুৱক আৰু দুই সতীৰ্থই মিলি ছাত্ৰীগৰাকীক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে।
ইতিমধ্যে মূল অভিযুক্ত গোৱালপাৰাৰ আনিছুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাৰ উচিত তদন্ত কৰি মূল অভিযুক্তক ফাঁচি দিয়াৰ দাবী তুলিছে বৰপেটাৰ বিভিন্ন দল-সংগঠনে।