নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তিপূৰ্ণ ভাৱে সমাপ্ত তিৱা পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ

নিয়মীয়া বার্তা,  ১৭  ডিচেম্বৰঃ বহু প্ৰতীক্ষাৰ অন্তত আজি শান্তিপূৰ্ণ ভাৱে সমাপ্ত হ’ল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচন। নগাঁও,মৰিগাঁও, হোজাই আৰু কামৰূপ জিলাৰ অন্তৰ্গত মুঠ ৩৬ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত নিৰ্বাচনৰ আজিৰ ভোটগ্ৰহণ বিয়লি ৪.৩০বজাত সামৰণি পৰে।

বিজেপি, কংগ্ৰেছ আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ তীব্ৰ যুঁজ হ’ব যদিও সকলো প্ৰতিদ্বন্দী প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি দাবী কৰিছে। ইয়াৰ লগতে বিজেপিয়ে অধিকাংশ আসন লাভেৰে পৰিষদত চৰকাৰ গঠন কৰিব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰিলে ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই। আজি আঁহতগুৰি মৰাকলংৰ নিজা ভোটকেন্দ্ৰত সপত্নীক আইমী বৰুৱাৰ সৈতে ভোটদান কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই বিজেপি দলে নিশ্চিত ভাৱে পৰিষদ দখল কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।

তেওঁ লগতে কয় যে, গণতন্ত্ৰত ভোটদান কৰাটো অতন্ত্য জৰুৰী আৰু ভোটদান কৰিলেহে প্ৰাৰ্থী সকল অধিক সচেতন হয় আৰু ভোটদান কৰি গণতন্ত্ৰক শক্তিশালী কৰিবলৈ আহ্বান জনাই।অন্যহাত কাৰ্যকাল শেষ হ’বলৈ তিনিমাহহে বাকী থকা সময়লৈকে বিজেপিয়ে ৰাইজৰহৈ যিবোৰ কৰিছে সেই বাবে ৰাইজে বিজেপিক বিটিআৰত মৰম কৰিছে আৰু সকলোতে মৰম কৰি যাব বুলি কয়।

অন্যহাতে অসম জাতীয় পৰিষদ গঠনে বিজেপিক ক্ষতি কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে যে,  AJP দলে বিজেপিক তিলমানো ক্ষতি কৰিব নোৱাৰে বুলি দৃঢ়তাৰে মন্তব্য কৰে। আছুক সমালোচনা কৰি কয় যে, আছুক ১৯৯১চনৰ পৰাই ৰাইজে প্ৰত্যাখান কৰিছে আৰু আছু যে এটা ৰাজনৈতিক দল সেয়া বৰ্তমান ওলাই পৰিছে। কিয়নো আছুৰ পৃষ্ঠপোষকতাত এইদল গঠন হৈছে। যেনেকৈ বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপি, কংগ্ৰেছ এন এছ ইউ আই ঠিক সেইদৰে এজেপিৰ ছাত্ৰ সংগঠন হ’ল আছু।

অন্যহাতে তিৱা নিৰ্বাচনৰ সন্দৰ্ভত নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কৰা এক মন্তব্যৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী গৰাকীয়ে কয় যে, মদ,মাংসৰ বাবে নগাঁও তথা মধ্য অসমৰ তিৱা ৰাইজ ইমান তললৈ নায়ায় আৰু এনেবোৰ মন্তব্যৰ বাবে ধিক্বাৰ দি সঠিক সময়ত ৰাইজে সিদ্ধান্ত ল’ব বুলি কয়। তদুপৰি প্ৰদ্যুত বৰদলৈয়ে গুণ্ডাৰাজ, মাফিয়াৰাজ শব্দবোৰ নতুনকৈ নগাওঁলৈ আনিছে বুলি মন্তব্য কৰে।

এই চিণ্ডিকেটতে মাফিয়াৰাজ বা গুণ্ডাৰাজ চলে। তেওঁ নিজা সমষ্টিত বেয়াকৈ হাৰি নগাঁৱত সংখ্যালঘু মানুহৰ ভোটেৰে সাংসদ হ’ল । এতিয়া আৰু তেখেতৰ কাম নাই আৰু সেই বাবে নিজে চিণ্ডিকেট চলাই মনটোও ক’লা হৈ গ’ল বুলি কটাক্ষ কৰে।

লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকো কটাক্ষ কৰি কয় যে, মই কংগ্ৰেছত থাকোতে কোনো অৰ্কেষ্টা পাৰ্টি নাছিল আৰু এতিয়া ৰিপুণ বৰাই অৰ্কেষ্টা পাৰ্টি বনাই দিলে। ৰিপুণ বৰাই সভা পাতিবলৈ পেডেল মাৰা, টেক্সি চলোৱা আৰু সুৰকাৰ(!) আদিক লগত লৈ এইসকলৰ গানৰ মাজতে ভাষণ দিয়ে। এই সকলক লগত নানিলে ৰিপুণ বৰাৰ সভাত মানুহ নহয় বুলিও কটাক্ষ কৰে পীয়ূষ হাজৰিকাই।

You might also like