নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ ভাৰত বন্ধলৈ অসমৰ ১৩ বিৰোধী দল–কৃষক সভাৰ সমর্থন

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ  কৃষি আইন বাতিলৰ দাবীৰে সংযুক্ত কিষাণ মর্চাই অহা ৮ ডিচেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধলৈ ৰাজ্যৰ ১৩টা বিৰোধী দলৰ লগতে একাধিক দল–সংগঠনে সমর্থন জনাইছে৷ চি পি আই (এম) নেতা ইচফাকুৰ ৰহমানে প্রেৰণ কৰা এক বিবৃতিত প্রকাশ কৰা অনুসৰি কংগ্রেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণ মঞ্চ, এল ডি পি, আপ, আৰ জে ডি, অসম সংগ্রামী মঞ্চ, চি পি আই (এম), চি পি আই, চি পি আই (এম এল) আৰু আৰ চি পি আই দলে এই বন্ধলৈ সমর্থন আগবঢ়াইছে৷ যৌথ বিবৃতিটোত তেওঁ কয় যে বৃহৎ পুঁজিপতিৰ স্বার্থত প্রণয়ন কৰা তিনিখন কৃষি আইন অবিলম্বে প্রত্যাহাৰ কৰাৰ সলনি কেন্দ্রীয় চৰকাৰে আঁকোৰগোজ স্থিতি গ্রহণ কৰিছে৷ ফলত কৃষক সমাজৰ আন্দোলন অধিক তীব্রতৰ হৈছে৷ এই কৃষি আইনৰ ফলত সমগ্র দেশৰ লগতে ৰাজ্যৰ কৃষক সমাজো ক্ষতিগ্রস্ত হ’ব বুলিও উল্লেখ কৰি বিবৃতিটোত কোৱা হয় যে কৃষি খণ্ড কর্প’ৰেট শ্রেণীৰ হাতলৈ গ’লে সাধাৰণ ৰাইজৰ খাদ্য নিৰাপত্তা বিঘ্ণিত হ’ব৷

ইফালে, অসম ৰাজ্যিক কৃষক সভা, চি আই টি ইউৰ অসম ৰাজ্যিক সমিতি, এছ এফ আইৰ অসম ৰাজ্যিক কমিটী, ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটী, জে চি পি ইউ আদি সংগঠনে এই বন্ধলৈ আগবঢ়াইছে সমর্থন৷ গুৱাহাটীত এখন সংবাদ মেলত অসম ৰাজ্যিক কৃষক সভাৰ সম্পাদক টিকেন দাসে এই বন্ধ সফল কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাই কয়– ‘লকডাউনৰ সুযোগত কৃষকবিৰোধী আইন গাৰ বলেৰে কেন্দ্রীয় চৰকাৰে সংসদত গৃহীত কৰিছে৷ বাৰম্বাৰ সকীয়নি দিয়া সত্ত্বেও চৰকাৰে আইন তিনিখন কার্যকৰী কৰাত ক্ষুব্ধ হৈ পৰিছে সমগ্র দেশৰ কৃষক সমাজ৷ কৃষি ব্যৱস্থাক পুঁজিপতিকৰণৰ পথ মোকলাই দিয়াই এই আইনৰ লক্ষ্য৷ কৃষকক দেশী–বিদেশী বৃহৎ পুঁজিপতি গোষ্ঠীসমূহৰ ক্রীত দাসত পৰিণত কৰিব বিচৰা হৈছে৷ নিত্য ব্যৱহার্য সামগ্রীক অত্যাৱশ্যকীয় তালিকাৰ পৰা বাদ দি ইয়াৰ মজুতৰ ঊর্ধ্ব সীমা প্রত্যাহাৰ কৰা হৈছে৷’ এই আইনৰ প্রভাৱ অসমতো পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যত অভূতপূর্বভাৱে ধানৰ মূল্য হ্রাস পাইছে৷ নূ্যনতম মূল্য প্রতি কুইণ্টত ১,৮৬৮ টকাৰ বিপৰীতে ধানৰ মূল্য ৭৫০ টকাৰ পৰা এহেজাৰ টকাহে লাভ কৰিছে৷ ইয়াৰ বিপৰীতে শাক–পাচলি, আলু–পিঁয়াজ আদিৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷

উল্লেখ্য যে ৰাষ্ট্রীয় জনতা দলেও এই বন্ধলৈ সমর্থন আগবঢ়াইছে৷ অসম প্রদেশ কংগ্রেছ কমিটীৰ মুখপাত্র ঋতুপর্ণ কোঁৱৰে এক বিবৃতিৰ জৰিয়তে ভাৰত বন্ধলৈ সমর্থন আগবঢ়াই কয় যে ৮ ডিচেম্বৰৰ দিনা প্রতিখন মণ্ডল কংগ্রেছ কমিটীয়ে খেতিপথাৰত কৃষকসকলৰ সৈতে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিব৷ লগতে প্রধানমন্ত্রীৰ প্রতিকৃতি দাহ কৰা হ’ব৷

You might also like