নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ পিছত পাঁচ বছৰত অসমৰ জিএছডিপি দুগুণ বৃদ্ধি

🔹 ফিটছ গ্রুপৰ ‘ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চ’ৰ সমীক্ষা

নিউজ ডেস্ক, ১১ এপ্রিল : ফিটছ গ্রুপৰ ‘ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চ’ৰ সমীক্ষাত উজলিছে অসম৷ ক’ভিড–১৯ৰ পিছত বিগত ৫ বছৰত অসমে স্থিৰ মূল্যত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অর্থাৎ জিএছডিপি বৃদ্ধিৰ গড় হাৰ ৭ শতাংশ কৰিবলৈ সক্ষম হৈছে৷ এই বৃদ্ধিৰ হাৰে অসমক অর্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্রত ভাৰতৰ শীর্ষ তিনি ৰাজ্যৰ ভিতৰত স্থান দখলত সহায় কৰিছে৷ সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে একেৰাহে ৫ বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি সুস্থিৰ উচ্চ বিকাশৰ গতিৰে ধাৱমান হোৱা দেশৰ গোটাচেৰেক ৰাজ্যৰ ভিতৰত অসমে সফলতাৰে নিজকে প্রতিপন্ন কৰিছে৷ এই ৫ বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্রায় দুগুণলৈ বৃদ্ধি হৈছে৷ ইয়াৰ অন্তৰালত নিহিত হৈ আছে ৰাজ্যৰ কিছু বৃহৎ ঘৰুৱা বিনিয়োগৰ লগতে ২০০ কোটি টকাৰ প্রত্যক্ষ বৈদেশিক বিনিয়োগ আকর্ষিত কৰাৰ দৰে বিশেষ সাফল্য৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে আজিৰ প্রেক্ষাপটত অসমে ৰাষ্ট্রীয় প্রগতিৰ দিশত এক অৱদানকাৰী ৰাজ্য হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সম্ভৱপৰ সকলো পদক্ষেপ গ্রহণ কৰি আছে৷ এই বিকাশৰ ধাৰা এনেধৰণে আৰু ৫ বছৰলৈ অব্যাহত ৰাখিলেই ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে ১০ লাখ কোটি টকা অতিক্রম কৰি এক নতুন শিখৰত আৰোহণ কৰিব৷ লগতে অসমক ভাৰতৰ শ্রেষ্ঠ ৫ ৰাজ্যৰ অন্যতম হিচাপে আত্মপ্রকাশ কৰাতো বিশেষ ভূমিকা গ্রহণ কৰিব৷ মন কৰিবলগীয়া এয়ে যে ২০২৪–২৫ বর্ষত জিএছডিপি বিকাশৰ ক্ষেত্রত অন্ধ্রপ্রদেশ, অৰুণাচল প্রদেশৰ পিছতে অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ জিডিপিৰ বিকাশৰ ক্ষেত্রত অসমৰ তলত থকা ৰাজ্যসমূহ হৈছে–বিহাৰ, ছত্তিশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্রদেশ, ঝাৰখণ্ড, কর্ণাটক, কেৰালা, মধ্যপ্রদেশ, মহাৰাষ্ট্র, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ওড়িশা, পঞ্জাব, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্রিপুৰা, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ, পুডুচেৰী আদি৷

You might also like