নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ জম্মু–কাশ্মীৰৰ এল অ’ চিত পাকিস্তানী সেনাৰ হাতত প্রাণ দিলে এগৰাকী সাহসী অসম সন্তানে৷ দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে প্রাণ আহুতি দিয়া বীৰ শ্বহীদগৰাকী হৈছে হৰধন ৰায়৷ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তর্গত মেধিপাৰা গাঁৱৰ এই জোৱানগৰাকী শেহতীয়াকৈ পাকিস্তান সীমা সংলগ্ণ জম্মু–কাশ্মীৰৰ উৰি ছেক্টৰত কর্মৰত হৈ আছিল৷ তাতেই পাকিস্তানী সেনাৰ আক্রমণত আজি অসম সন্তানগৰাকী শ্বহীদ হয়৷ তেওঁ ২০০১চনত ভাৰতীয় সেনাৰ ৫৯নং আর্টিলাৰী ৰেজিমেণ্টত জোৱান হিচাপে যোগদান কৰিছিল৷
দেশৰ বিভিন্ন প্রান্তত ইয়াৰ পূর্বে কার্যনির্বাহ কৰা হৰধন ৰায়ক শেহতীয়াকৈ ভাৰত– পাকিস্তান সীমান্তত দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োগ কৰা হৈছিল আৰু আজি সাহসেৰে শত্রুৰ বিৰুদ্ধে যুঁজি তেওঁ প্রাণ হেৰুৱালে৷ বীৰ সেনা জোৱানগৰাকীয়ে মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ পিতৃ টংকেশ্বৰ ৰায়, পত্নী, চাৰিবছৰীয়া পুত্র আৰু তিনিগৰাকী ভগ্ণীক ইহসংসাৰত এৰি থৈ যায়৷ উল্লেখ্য যে জম্মু–কাশ্মীৰৰ এল’চিত যুদ্ধবিৰতি উলংঘন অব্যাহত ৰাখিছে চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ সেনাই৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ পাকিস্তান সীমান্তত যুদ্ধবিৰতি উলংঘনকাৰী পাকিস্তানী সেনাৰ বিৰুদ্ধে তীব্র প্রতিৰোধ গঢ়ি তুলিছে ভাৰতীয় সেনাই৷ ভাৰতীয় সেনাই ৰকেট লঞ্চাৰেৰে পাক সেনাৰ বাংকাৰ, ইন্ধন জমা ৰখা ঘাটি ধ্বংস কৰাৰ লগতে সন্ত্রাসবাদীৰ লঞ্চ পেডো সমুলঞ্চে বিধ্বস্ত কৰিছে৷ দুয়ো দেশৰ সেনাৰ মাজত চলা প্রচণ্ড গুলীয়াগুলীৰ সময়ত ভাৰতীয় সেনাই অতি কমেও ৮জন পাক সেনা জোৱানক গুলীয়াই হত্যা কৰে৷ প্রাৰম্ভিক তথ্য মতে, ২–৩জন পাক সেনা নিহত হোৱা বুলি জানিব পৰা গৈছিল যদিও শেহতীয়াভাৱে ভাৰতীয় সেনাৰ আক্রমণত নিহত হোৱা পাক সেনাৰ সংখ্যা ১০–১২লৈ বৃদ্ধি পাব পাৰে৷ ইয়াৰ পূর্বে যোৱানিশা পাকিস্তানী সেনাই বাৰামুল্লা জিলাত অপ্রৰোচিতভাৱে নিৰাপত্তা বাহিনীৰ নিৰীক্ষণ চকী আৰু নিৰীহ লোকৰ বাসস্থানলৈ লক্ষ্য কৰি গুলীচালনা কৰাত তিনি ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ লগতে আন তিনিগৰাকী নিৰীহ লোকৰ প্রাণহানি হয়৷ পাকিস্তানী সেনাৰ গুলীত দুজন সেনা জোৱান নিহত হোৱাৰ লগতে এজন বি এছ এফৰ জোৱান শ্বহীদ হয়৷ নিহত সেনা জোৱানকেইগৰাকীৰ ভিতৰত অন্যতম হ’ল অসম সন্তান হৰধন ৰায়৷ দেশৰ সুৰক্ষাৰ হকে আত্মবলিদান দিয়া জোৱানগৰাকীৰ মৃত্যুত বিলাসীপাৰাৰ লগতে সমগ্র ৰাজ্যত শোকৰ ছাঁ পৰিছে৷
আনপিনে পাক সেনাৰ গুলীত তিনিজন নিৰীহ লোকৰ প্রাণহানি হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হৈছে৷ ইফালে কেন্দ্রীয়শাসিত অঞ্চলটোৰ কুপৱাৰাত এল অ’ চিৰে পাকিস্তানী সন্ত্রাসবাদী অনুপ্রৱেশৰ চেষ্টা ভাৰতীয় সেনাই ব্যর্থ কৰিবলৈ সক্ষম হৈছে৷ এই ঘটনা কেৰান আৰু উৰি ছেক্টৰৰ মাজত সংঘটিত হৈছে৷ পাক সন্ত্রাসবাদীৰ অনুপ্রৱেশৰ চেষ্টা ভাৰতীয় সেনাই ব্যর্থ কৰাৰ পাছত সম্প্রতি অঞ্চলটোত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷