মাটিৰ পট্টা–ভূমিৰ অধিকাৰৰ কথা কোৱা বাজেটখন ভাল লাগিছে
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বিধানসভাত শুকুৰবাৰে বিত্তমন্ত্রী অজন্তা নেওগে ২০২১–২২ বর্ষৰ বাবে দাখিল কৰা বাজেটৰ পাছতেই প্রতিক্রিয়া প্রকাশ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ বাজেটক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰি অখিল গগৈয়ে কয়– উন্নয়নৰ কাম–কাজ সকলো বাজেটতে থাকে৷ কিন্তু আজি দাখিল কৰা বাজেটত মাটিৰ পট্টা আৰু ভূমিৰ অধিকাৰৰ কথা কোৱা হৈছে৷ ইয়াৰ বাবে মোৰ ভাল লাগিছে৷ গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰা লোকসকলক আৰু বনাঞ্চলত থকা লোকসকলক পট্টা দিয়াৰ কথা আজি বাজেট ভাষণৰ মাজতে মুখ্যমন্ত্রীয়ে থিয় হৈ উল্লেখ কৰিছে৷ শিৱসাগৰ সমষ্টিৰ বাবে কেইবাটাও কাম হাতত লোৱাৰ কথা বাজেটত ঘোষণা কৰা হৈছে৷ ইয়াৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিত্তমন্ত্রী অজন্তা নেওগক ধন্যবাদ জ্ঞাপন কৰিছে৷ কিন্তু শিৱসাগৰৰ উন্নয়নৰ বাবে ১০০ কোটি টকা বিচৰাৰ বিষয়টো উত্থাপন নহ’ল৷ সেইদৰে ক’ভিড আৰু লকডাউনৰ প্রভাৱৰ পৰা সাধাৰণ লোকক সকাহ দিয়াৰ বাবে এই বাজেটত একো নাই৷ বাজেটখনে কাকো সন্তুষ্ট কৰিব পৰা নাই, এখন বেদনাদায়ক আৰু হতাশাজনক বাজেট৷