নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ আগষ্টৰ পৰা চাৰিদিনীয়া কার্যসূচীৰে বিধানসভা অধিৱেশন

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: অহা ৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশন৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন৷ আজি অনুষ্ঠিত বিধানসভাৰ কার্য উপদেষ্টা পৰিষদৰ বৈঠকে এই সিদ্ধান্ত গ্রহণ কৰে৷ ক’ৰোনা মহামাৰীৰ বাবে বিধানসভা অধিৱেশনত বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ অধিৱেশনৰ দিনকেইটাৰ কার্যক্রমণিকাত অংশগ্রহণ কৰিবলগীয়া বিধায়কসকলহে উপস্থিত থকাৰ বিশেষ সুবিধা লাভ কৰিব৷ তদুপৰি দর্শকৰ গেলাৰীতো বিধায়ক বহাৰ ব্যৱস্থা কৰাৰ বিষয়ে বিধানসভা কর্তৃপক্ষই চিন্তা–চর্চা কৰিছে৷ ৫০ শতাংশ মন্ত্রী–বিধায়কৰ উপস্থিতিত চলিবলগীয়া এই সদনৰ কার্যসূচীৰ দিনকেইটাত দর্শক আৰু সাক্ষাৎকাৰীৰ প্রৱেশ সম্পূর্ণৰূপে নিষেধ থাকিব৷ সামাজিক দূৰত্ব বজাই ৰাখি চলিব সদন৷ বিৰোধীয়েও এই নীতি মানিব লাগিব৷ সংবাদ মাধ্যমৰ ক্ষেত্রতো যথেষ্ট বাধ্য–বাধকতা থাকিব বুলি সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে৷

You might also like