নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছিত ‘মন কী বাত’ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

নিয়মীয়া বাৰ্তা, ২৬ নবেম্বৰ : সমগ্ৰ দেশৰ লগতে ওদালগুৰি জিলাৰ নৱগঠিত ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ডিমাকুছিৰ ৫১নং বুথৰ কাৰ্যকৰ্তাসকলেও আজি অনাতাঁৰযোগে সম্প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত অনুষ্ঠান”ত অংশগ্ৰহণ কৰে। ডিমাকুছিৰ দেওবৰীয়া সাপ্তাহিক বজাৰত দলীয় কাৰ্যকৰ্তাসকলে সমৱেত হৈ মন কী বাত শ্ৰৱণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ডিমাকুছিৰ ৫১নং বুথ সমিতিৰ সভানেত্ৰী সাধন সৰকাৰে ভাৰত মাতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত পানেৰীৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে ডিমাকুছি সাপ্তাহিক বজাৰৰ ভালেসংখ্যক ব্যৱসায়ী আৰু শতাধিক স্থানীয় নাগৰিকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিজেপিৰ ওদালগুৰি জিলাৰ সহকাৰী প্ৰভাৰী ৰঞ্জিৎ কুমাৰ শৰ্মা, জিলা সম্পাদক জৌশ্ৰাং বড়ো, মানসী ডেকা, জিলা মহিলা মৰ্চাৰ‌ উপ-সভানেত্ৰী পাৰ্বতী কুৰ্মী, ভেৰগাঁও মণ্ডল বিজেপিৰ সভাপতি ফটিক কছাৰীকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিসকল‌ উপস্থিত থাকে। অনাতাঁৰযোগে প্ৰধানমন্ত্ৰীৰ বক্তব্য শুনাৰ পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মন কী বাত অনুষ্ঠানৰ পৰা অনুপ্ৰেৰণা লৈ জীৱনত আগবাঢ়ি যাবলৈ সমৱেত ৰাইজক আহ্বান জনায়।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like