২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ বিধানসভাৰ শীতকালীন অধিৱেশন
- বিধানসভাৰ কর্মচাৰীৰ বাবে ড্রেছ ক’ড জাৰি
- জীন্ছ, টি–ছার্ট, লেগিংছ পৰিধান কৰি আহিব নোৱাৰিব
- প্রতি বুধবাৰে পৰিধান কৰিব পাৰিব পৰম্পৰাগত জাতীয় সাজ
- পুৱা ৯.৩০ বজাত কার্যালয়ত প্রৱেশ বাধ্যতামূলক
- জনতা ভৱনতো বিষয়া–কর্মচাৰীসক ৯.৪৫ বজাত কার্যালয়ত উপস্থিত হোৱাৰ বাবে মুখ্য সচিবৰ জৰুৰী নির্দেশনা
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ: অহা ২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ এই শীতকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূর্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে৷ অসম বিধানসভাৰ এক সূত্রই এই কথা জানিবলৈ দিছে৷ ইপিনে, অসম বিধানসভাৰ বিষয়া–কর্মচাৰীসক কর্মসংস্কৃতি বৃদ্ধিৰ বাবে বিধানসভা সচিবালয়ে জাৰি কৰিছে বিশেষ নির্দেশনা৷ এতিয়াৰে পৰা বিধানসভা সচিবালয়ৰ বিষয়া–কর্মচাৰীসক পুৱা ৯.৩০ বজাত কার্যালয়ত প্রৱেশ কৰিব লাগিব৷
তদুপৰি বিধানসভাত কর্মচাৰীসকলৰ বাবে ড্রেছ কোডো নির্ধাৰণ কৰি দিছে বিধানসভা সচিবালয়ে৷ সাধাৰণ কর্মদিনতো এই ড্রেছ ক’ড বাধ্যতামূলক হ’ব৷ নির্দেশ অনুসৰি জীন্ছ, টি–ছার্ট, লেগিংছ পৰিধান কৰি কোনেও বিধানসভা সচিবালয়লৈ আহিব নোৱাৰিব৷ মহিলাসকলে মেখেলা–চাদৰ, শাড়ী, ছুৰিদাৰ, ছ্যুট পৰিধান কৰি কার্যালয়লৈ আহিব পাৰিব৷ সেইদৰে পুৰুষসকলেও ফর্মেল ড্রেছ পৰিধান কৰি কার্যালয়লৈ আহিব লাগিব৷ অৱশ্যে সপ্তাহৰ প্রতি বুধবাৰে বিধানসভা সচিবালয়ৰ বিষয়া–কর্মচাৰীসক জাতীয় পৰম্পৰাগত সাজপাৰ পৰিধান কৰি কার্যালয়লৈ আহিব পাৰিব৷
বিধানসভাৰ অধিৱেশন চলাৰ সময়ত কর্মচাৰীসকলে বিধানসভা সচিবালয়ে নির্ধাৰণ কৰি দিয়া ইউনিফর্ম পৰিধান কৰি আহিব লাগিব৷ আনকি বিধানসভাৰ অধিৱেশন চলাৰ সময়ত বা–বাতৰি সংগ্রহৰ বাবে অহা সাংবাদিকসকলেও বিধানসভাৰ ড্রেছ ক’ড অনুসৰি সাজপাৰ পৰিধান কৰিব লাগিব৷
ইফালে, ৰাজ্যিক প্রশাসনৰ হূৎপিণ্ড জনতা ভৱনৰ বিষয়া–কর্মচাৰীৰ কর্মসংস্কৃতি বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে৷ আজিৰে পৰা পুৱা ৯.৪৫ বজাৰ ভিতৰত সকলো বিষয়া–কর্মচাৰীক নিজ নিজ বিভাগত উপস্থিত হোৱাৰ কঠোৰ নির্দেশ দিছে৷ সেই নির্দেশমর্মে আজি পুৱা ৯.৩০ বজাৰ পৰাই জনতা ভৱনৰ প্রৱেশদ্বাৰত ভিৰ দেখা গ’ল বিভিন্ন বিভাগত কর্মৰত বিষয়া–কর্মচাৰীসক৷