ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যঃ ধুবুৰীত ‘‘আপোনাৰ গাড়ী-চালনাৰ মূল্যায়ন’’ শীৰ্ষক কাৰ্যসূচী চিআৰপিএফৰ
নিয়মীয়া বাৰ্তা, ২ জুনঃ ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত কালি চিআৰপিএফৰ উদ্যোগত ‘‘আপোনাৰ গাড়ী-চালনাৰ মূল্যায়ন’’ (Assess your driving) শীৰ্ষক এক কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়। মূলতঃ যানবাহন আইনে কিদৰে দুৰ্ঘটনা ৰোধ কৰাত সহায় কৰে, যনজঁট আৰু ৰাষ্ট্ৰীয় সম্পদৰ ওপৰত সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যেৰে চিআৰপিএফৰ বি/৪৮ বিএন চিআৰপিএফ দলে আয়োজন কৰিছিল । কাৰ্য্যসূচীত বি/৪৮ বিএন চিআৰপিএফ দলৰ সহকাৰী কামাণ্ডেন্ট অনিল কুমাৰ, জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱকে ধৰি জিলা প্ৰশাসন আৰু চিআৰপিএফ অন্যান্য বিষয়া–জোৱান উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী