নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নাৱৰ পৰা পশ্চিমবংগৰ ইউৰিয়া সাৰ জব্দ বিএছএফৰ

নিয়মীয়া বাৰ্তা, ২ জুনঃ চুবুৰীয়া পশ্চিমবংগৰ ইউৰিয়া সাৰৰ অবৈধ বেহাৰ সৈতে জড়িত এটা বিশেষ চক্ৰ ধুবুৰীত সক্ৰিয় হোৱাৰ সন্দেহ উত্থাপিত হৈছে। ল’গতে সমান্তৰালকৈ সেই চক্ৰটোৱে বিভিন্ন চৰাঞ্চললৈ নদীপথেদি বস্তায় বস্তায় পশ্চিমবংগৰ পৰা আন সাৰ প্ৰেৰণ কৰি আছে নেকি বুলি এক আন প্ৰশ্নৰো উদয় হৈছে। যোৱাকালি বিএছএফে ব্ৰহ্মপুত্ৰইদি গৈ থকা এখন নাওঁক ইউৰিয়া সাৰৰ বস্তা জব্দ কৰাৰ সমান্তৰালকৈ তিনিগৰাকীকৈ লোকক কৰায়ত্ব কৰাৰ এক ঘটনাই জন্ম দিছে সেই প্ৰশ্নৰ। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ব্ৰহ্মপুত্ৰ পাৰৰ বংশীৰ চৰত নিয়োজিত থকা বিএছএফৰ ৪৯নং বেটেলিয়নৰ এটি দলে জব্দ কৰা সেই নাওঁখনকে ধৰি নাওঁখনত থকা ৮৫ বস্তা ইউৰিয়া সাৰ আৰু কৰায়ত্ব কপা লোক তিনিগৰাকীক ইতিমধ্যে ধুবুৰী সদৰ থানাত গতাই দিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী চৰ ভাষাণী অঞ্চলৰ পৰা নাওঁখনৰে সেই সাৰৰ বস্তাসমূহ দক্ষিণ শালমাৰালৈ নিয়া হৈ আছিল বুলি উন্মোচিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানে ধুবুৰী সদৰ থানাত ধৃত জনৈক শ্বাহ আলম, চান্দ মিঞাঁ আৰু আব্দুচ চাদামক আৰক্ষীয়ে শোধপোচ চলাই থকা বুলি প্ৰকাশ। উল্লেখ্য যে, বিগত ২৮ মে’ৰ নিশা ধুবুৰীৰ এম কো ৰোড আৰক্ষী চকীৰ অভিযানত ৰাজপথেৰে গৈ থকা চাৰিখন ই–ৰিক্সাৰ পৰা পশ্চিমবংগৰ ৩৮ বস্তা ইউৰিয়া সাৰ জব্দ হৈছিল। এনে প্ৰেক্ষাপটত বিষয়টো লৈ কৃষি বিভাগৰ স্থানীয় বিষয়া–কৰ্মচাৰীয়ে তৎপৰতা প্ৰদৰ্শন কৰাৰ প্ৰয়োজনীয়তা থকা বুলিয়েই কিন্তু উচ্চাৰিত হ’বলৈ লৈ পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like