নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী এএছটিচিত যাত্ৰীবাহী বাছৰ কৰ্মচাৰীৰ প্ৰহাৰত গাড়ী ধোৱা লোকৰ মৃত্যুৰ অভিযোগ!

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ আজি পুৱতি নিশা ধুবুৰীৰ ৰাজ্যিক পৰিবহন বিভাগৰ (এইচটিচি) বাছ আস্থানত এখন যাত্ৰীবাহী বাছৰ চালককে ধৰি সেইখনৰ মুঠ তিনিগৰাকী কৰ্মচাৰীৰ নিৰ্মম প্ৰহাৰত আস্থানটোত গাড়ী ধোৱা-পখলা কৰা লোকৰ মৃত্যু ঘটাৰ এক চাঞ্চল্যকৰ অভিযোগ উঠিছে। আনকি সেই ব্যক্তিগৰাকীৰ মৃতদেহ লৈ এএচটিচি কৰ্তৃপক্ষৰ হেমাহিৰ অভিযোগেৰে তথা তিনি কণ কণ শিশুৰ মৃত পিতৃৰ সেই দুখীয়া পৰিয়ালটোক সংস্থাপন দিয়াৰ দাৱীত একাংশ লোকে আজি বিয়লিৰ ফালে আস্থানটোত এক প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হয়। জানিব পৰা মতে, অইন অইন দিনৰ দৰে আজি পুৱতি নিশা প্ৰায় ৩-৩০টা মান বজাত গুৱাহাটীগামী যাত্ৰীবাহী বাছ ধুবলৈ ধুবুৰীৰ এএচটিচি বাছ আস্থানত উপস্থিত হৈছিল চহৰখনৰ আই জি ৰোডৰ বাসিন্দা তথা গাড়ী ধোৱা-পখলা কৰা ৰাছিদুল ইছলাম নামৰ ব্যক্তিজন। অভিযোগ অনুসৰি, আস্থানটোত থকা তথা ধুবুৰী আৰু গুৱাহাটীৰ মাজত চলাচল কৰা “আমিৰ জান” নামৰ এএচ ০১/পিচি ৭১৯৭ নম্বৰৰ এখন কেন্টাৰ বাছ এখন চালকসহ সেইখনৰ মুঠ তিনিগৰাকী কৰ্মচাৰীয়ে নিৰ্মম ভাৱে প্ৰহাৰ কৰে ইছলামক। গুৰুতৰভাৱে আঘাত পোৱা ৰাছিদুলক প্ৰথমে ধুবুৰী মেডিকেল ক’লেজলৈ নিয়া হয় যদিও চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তেওঁক বৰপেটা মেডিকেল ক’লেজলৈ নিয়া হয়। কিন্তু দূৰ্ভাগ্যজনক ভাৱে চিকিৎসালয়খনতে মৃত্যু হয় তেওঁৰ। এই ঘটনাক লৈ ক্ষুব্ধ একাংশ বন্ধু-বান্ধৱ আৰু ওচৰ চুবুৰীয়াই ৰাছিদুল ইছলামৰ মৃতদেহ লৈ ধুবুৰীৰ এএচটিচি আস্তানা সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰাছিদুলৰ দৰিদ্ৰ পৰিয়ালটোক সংস্থাপন দিয়াৰ দাবী জনায়। প্ৰতিবাদ চলি থকাৰ মাজতে আৰক্ষী উপস্থিত হয় আৰু পৰিস্থিতিৰ শাম কাটে। পিছত আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল ক’লেজলৈ প্ৰেৰণ কৰে।

প্ৰেৰক অমিতাভ চৌধুৰী

You might also like