কালান্তক ক’ৰোনাৰ ভয়ংকৰ ৰূপ; ৰাজ্যত ২৩জনকৈ লোকৰ ক’ভিডত মৃত্যু
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ৰাজ্যখনত ক’ভিড–১৯ৰ সংহাৰ অব্যাহত আছে৷ পূর্বৰ সকলো সীমা অতিক্রম কৰি শনিবাৰৰ দিনটোত ২৩গৰাকী ক’ভিড আক্রান্ত লোকে মৃত্যুক আঁকোৱালি ল’ব লগা হয়৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা অনুসৰি কালিৰ দিনটোত ক’ভিডত আক্রান্ত হৈ ডিব্রুগড়ৰ ৰণধীৰ গোৱালা (৪৫), শিৱসাগৰৰ ধনেশ্বৰ শইকীয়া (৬৯), বৰপেটাৰ অর্জুন চন্দ্র দাস (৮৫), ওদালগুৰিৰ বিমল দেৱনাথ (৬২), গোৱালপাৰাৰ সাৰদা সাউদ (৫৫), গোলাঘাটৰ ছবিনা বেগম (৩৬), যোৰহাটৰ ৰমেশ প্রসাদ বুধিয়া (৬৮), গোলাঘাটৰ অৰূপ শইকীয়া (৬৮), কাছাৰৰ হিমাংশু শেখৰ দাস (৬০), শোণিতপুৰৰ তোষেশ্বৰ শর্মা (৭৮), মণ্টু মণ্ডল (৭৭), কমলী বাছফৰ (৬৫), গোলাঘাটৰ নকুল চন্দ্র বৰা (৫৭), কার্বি আংলঙৰ আব্দুল ৰহমান (৪৫), লখিমপুৰৰ দ্বীপেন বৰপাত্র গোহাঁই (৩৯), ওদালগুৰিৰ অমলেন্দু চক্রৱর্তী (৭১), শিৱসাগৰৰ চন্দ্র গগৈ (৬২), কামৰূপ গ্রাম্যৰ নাওমান বড়ো (৭৮), ডিব্রুগড়ৰ প্রদীপ দত্ত (৬০), কামৰূপ মেট্র’ৰ অসীম চেটার্জী (৭৪), নলবাৰীৰ চাকিনা বেগম (৬৭), কামৰূপ মেট্র’ৰ আৰাধনা নাহৰ ডেকা (৬০) আৰু গোলাঘাটৰ আনন্দ বৰুৱা (৬১)ৰ মৃত্যু হয়৷
মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত এতিয়ালৈ ক’ভিডত আক্রান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ৪৫৩গৰাকীলৈ বৃদ্ধি পালে৷
ইপিনে দিনটোত ৰাজ্যখনত মুঠ ২,১৩২গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ৫৬২গৰাকী গুৱাহাটী মহানগৰীৰ৷ সেইদৰে ডিব্রুগড়ৰ ১৩৪, যোৰহাটৰ ১৫৬, লখিমপুৰৰ ১৩২গৰাকী লোক আক্রান্ত হয়৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৩১,২৫৩গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৬.৮২ শতাংশ৷ আজি আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত এতিয়ালৈ মুঠ ১,৪০,৪৭১গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷
আনহাতে, কালি সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ২,৫৫৩গৰাকী লোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়৷ এতিয়ালৈ মুঠ ১,১০,৮৮২গৰাকী লোক সুস্থ হৈ উঠিছে৷ বর্তমান বিভিন্ন হাস্পতালত ২৯,১৩৩জন লোক চিকিৎসাধীন হৈ আছে৷