নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ বছৰ বয়সতে ভাৰতীয় সেনাৰ লেফটেনেণ্ট পদত জিতামিত্ৰ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰ : ডেৰাডুনস্থিত ইণ্ডিয়ান মিলিটাৰী একাডেমিৰ পাচিং আউট প্ৰগ্ৰেম ( POP) ত যোৱা ১৪ ডিচেম্বৰত জিলিকি উঠে পাটাছাৰকুছিৰ জিতামিত্ৰ দেৱশৰ্মা। সামৰিক বিভাগৰ উচ্চ পদস্থ বিষয়া লেফটেনেণ্ট (Leiutenant)স্বৰূপে নিয়োজিত হৈ এক বিৰল গৌৰৱ কঢ়িয়াই আনিলে তেওঁ। উল্লেখযোগ্য যে বাতৰিকাকতৰ এটা খবৰেই জীৱনৰ লক্ষ স্থিৰ কৰি সেয়া দিঠকত পৰিনত কৰিলে জিতামিত্ৰই৷ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে এখন বাতৰি কাকতত প্ৰকাশিত এটি বাতৰিৰ প্ৰতি দৃষ্টি আকৰ্ষণ হৈছিল পাটাছাৰকুছিৰ সৰিহ চাকলা নিবাসী চিকিৎসক ডাঃ মুক্তাধৰ শৰ্মা আৰু আনন্দৰাম বৰুৱা একাডেমিৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা কবিতা দেৱীৰ পুত্ৰ জিতামিত্ৰ দেৱ শৰ্মা নামৰ ফুলকুমলীয়া লৰাজনৰ৷ বৰপেটাৰ পৰা এন ডি এত স্থান লাভ কৰা এজন শিক্ষাৰ্থীৰ সফলতাৰ এটি বাতৰি পাইছিল। সেই বাতৰি পঢ়ি অনুপ্ৰাণিত হৈ ল’ৰাজনে মনতে সপোন ৰচিছিল সেই পথ অনুসৰণ কৰাৰ। তাৰ পিচতে তেওঁ মনতে সংকল্প ললে এনেদৰে এন ডি এত স্থান লাভ কৰি দেশমাতৃক সেৱা কৰিবলৈ। সেয়াই আৰম্ভণি৷ পৰিকল্পনা আৰম্ভ হল নলবাৰীৰ এখন বিদ্যালয়ত চি বি এচ চি পাঠ্যক্ৰমত অষ্টম শ্ৰেণীলৈ পঢ়াৰ পিচত তেওঁ প্ৰৱেশ পৰীক্ষাৰ যোগেদি ডেৰাডুনত থকা ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটেৰী একাডেমিত নাম ভৰ্তি কৰি তাতেই পাচ বছৰ পঢ়ি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিচত জিতামিত্ৰই ২০২১ চনত UPSC ৰ দ্বাৰা অনুষ্ঠিত NDA (নেচনেল ডিফেন্স একাডেমি)ৰ প্ৰৱেশ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ নিজৰ সপোন দিঠকত পৰিনত কৰি তিনিবছৰ পুণেত নেচনেল ডিফেন্স একাডেমিত অধ্যয়ন কৰে আৰু এবছৰ দেৰাডুনৰ IMA ত সামৰিক বিভাগৰ বিষয়া পৰ্য্যায়ৰ প্ৰশিক্ষণ লৈ প্ৰায় ২২ বছৰ বয়সতে যোৱা ১৪ ডিচেম্বৰত ইণ্ডিয়ান মিলিটাৰী একাডেমিৰ পাচিং আউট প্ৰগ্ৰেম ( POP ) ত ভাৰতীয় সেনা বাহিনীৰ উচ্চপদস্থ বিষয়া লেফটেনেণ্ট (Leiutenant) স্বৰূপে নিয়োজিত হৈ জন্মস্থান বজালী জিলাৰ পাটাছাৰকুছিৰ লগতে ৰাজ্যখনলৈ এক বিৰল গৌৰৱ কঢ়িয়াই আনিলে৷ জিতামিত্ৰই সাংবাদিকৰ সৈতে হোৱা কথাবতৰাৰ সময়ত সততাৰে দেশৰ অখণ্ডতা ৰক্ষাৰ লগতে দেশমাতৃক নিৰাপত্তা প্ৰদান কৰাৰ বাবে উৎসৰ্গিত মনোভাবেৰে কাম কৰাৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ দিয়ে৷ তেওঁ ইনফ্ৰেনটিত মাদ্ৰাজ ৰেজিমেণ্টত পাঞ্জাবৰ ফিৰোজপুৰত নিজৰ কৰ্ম জীৱনৰ আৰম্ভণি কৰিব৷ জিতামিত্ৰৰ সুদক্ষতাৰ বাবে তেওঁক কোম্পেনী চাৰজেন্ট মেজৰৰ দায়িত্ব প্ৰদান কৰা হৈছিল৷ সকলো ঠিকে থাকে থাকিলে তেওঁ ভাৰতীয় সেনা বাহিনীৰ বহু ওপৰৰ বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰচুৰ সম্ভাবনা আছে৷ এই সমোৰোহত পিতৃ মাতৃৰ লগতে পৰিয়ালৰ লোককো আমন্ত্ৰণ কৰা হৈছিল৷ জিতামিত্ৰৰ পিতৃ মাতৃকো বিশেষ সন্মান যচা হৈছিল ১৪ ডিচেম্বৰৰ বিশেষ সমাৰোহখনত৷ এই বাতৰি পোৱাৰ লগে লগে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীয়ে জিতামিত্ৰক শুভেচ্ছা জ্ঞাপন কৰিছে৷ উল্লেখযোগ্য যে অসমৰ বাবে ভাল খবৰ যে এইবাৰ জিতামিত্ৰকে ধৰি অসমৰ তিনিজন যুৱকে একেলগে সামৰিক বিভাগৰ উচ্চ পদস্থ বিষয়া লেফটেনেণ্ট (Leiutenant) স্বৰূপে নিয়োজিত হৈ এক বিৰল গৌৰৱ কঢ়িয়াই আনিছে। আন দুগৰাকী হল বজালী জিলাৰ ভালুকী গাঁৱৰ সম্প্ৰতি পাঠশালাত স্থায়ীভাবে থকা স্বৰ্গীয় দিনেশ চন্দ্ৰ শৰ্মা আৰু ৰাণু দেৱীৰ পুত্ৰ হিমশিখৰ কাশ্যপ আৰু শিৱসাগৰৰ জিলাৰ ডিমৌ নিবাসী নয়নমণি কটকী আৰু প্ৰতিমা গগৈৰ পুত্ৰ মানস কটকী৷ দুয়োগৰাকীয়ে গোৱালপাৰাৰ সৈনিক স্কুলত অধ্যয়ন কৰি এন ডি এত স্থান লাভ কৰিছিল৷ হিমশিখৰে কুমায়ুণ ৰেজিমেণ্টত আৰু মানসে আৰ্টিলেৰী বিভাগত লেফটেনেণ্ট (Leiutenant) হিচাপে কৰ্মজীৱনৰ পাতনি মেলিব৷ এয়া এক গৌৰৱৰ খৱৰ৷

প্ৰেৰক উৎপল মেধি

You might also like