🟢সততা, নিষ্ঠা আৰু উৎসর্গিত মনোভাৱেৰে জনসাধাৰণক সেৱা আগবঢ়াবলৈ আহ্বান
🟢অপৰাধৰ বিৰুদ্ধে তদন্ত ক্ষিপ্র কৰিবলৈ ফৰেনচিক বিজ্ঞানৰ ওপৰতো গুৰুত্ব প্রদান কৰা হৈছে
🟢অসম আৰক্ষীত অতি স্বচ্ছতাৰে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হৈছে
বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মেঘালয়ৰ উমিয়ামৰ উত্তৰ-পূর্বাঞ্চল আৰক্ষী একাডেমী নেপাত অনুষ্ঠিত ৫২ বেটছৰ বেচিক কোর্চৰ দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰে৷ উল্লেখ্য যে উত্তৰ পূর্বাঞ্চলৰ পাঁচখন ৰাজ্যৰ ৩৭৭গৰাকী উপ-অধীক্ষক আৰু উপ-পৰিদর্শকৰ বাবে এই দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে৷ ৫২নং বেটছৰ বেচিক কর্ছৰ এই প্রশিক্ষণে সামৰি লোৱা অসম, অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেণ্ড আৰু ত্রিপুৰাৰ ৩৭৭গৰাকী বিষয়াৰ ভিতৰত ১০১গৰাকী মহিলা প্রশিক্ষার্থীও আছে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইউনিফর্ম পৰিহিত সেৱাৰ বাবে আজি এক গৌৰৱময় দিন৷ তেওঁ লগতে কয় যে প্রশিক্ষণৰ সময়ছোৱাত প্রশিক্ষার্থীসকলে কঠোৰ পৰিশ্রম আৰু নিষ্ঠাৰে প্রশিক্ষণ গ্রহণ কৰি নিজৰ ভৱিষ্যতমুখী যাত্রাপথ সুগম কৰি তুলিলে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই প্রশিক্ষার্থীসকলৰ পিতৃ-মাতৃ, পৰিয়ালৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰাৰ উপৰি নেপাৰ সঞ্চালক, সংশ্লিষ্টসকলকো ধন্যবাদ জ্ঞাপন কৰে৷ উত্তৰ-পূর্বাঞ্চল আৰক্ষী একাডেমীৰ এক গৌৰৱময় ইতিহাস আছে বুলি মুখ্যমন্ত্রীয়ে কয় যে ১৯৭৮ চনত স্থাপিত এই একাডেমীয়ে আৰক্ষীৰ বাবে প্রশিক্ষণৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰি আহিছে৷ তেওঁ লগতে কয় যে নেপাই এতিয়ালৈকে ৫ হাজাৰৰো অধিক প্রশিক্ষার্থীক বেচিক কর্ছৰ প্রশিক্ষণ প্রদান কৰিছে৷ বিভিন্ন ইনছার্ভিচ পাঠ্যক্রম পৰিচালনা কৰা বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে এই একাডেমীয়ে আৰক্ষীক প্রশিক্ষণ প্রদানৰ দিশত দেশৰ অন্যতম প্রতিষ্ঠান হিচাপে পৰিগণিত হৈছে৷ প্রশিক্ষার্থীসকলক আইন, সমাজ বিজ্ঞান, আৰক্ষী বিজ্ঞান, চাইবাৰ অপৰাধ, ড্রিল, অস্ত্র, শাৰীৰিক প্রশিক্ষণ, আৰক্ষী অভিযানকে ধৰি বিভিন্ন বিষয়সমূহৰ ওপৰত প্রশিক্ষণ প্রদান কৰাৰ বিষয়টো প্রদান কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ইয়ে আৰক্ষী বিষয়াসকলক পেছাদাৰী মানসিকতাৰে আগুৱাই যোৱাৰ দিশত সহায়ক হৈ উঠিব৷ আৰক্ষী বিষয়াসকলে এতিয়াৰে পৰা অধিক নিষ্ঠাৰে নিজৰ কর্তব্য ৰূপায়ণ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷ এই ক্ষেত্রত সততা বজাই ৰাখি জনসাধাৰণক সেৱাৰ মানসিকতাৰে আগুৱাই আহিবলৈও তেওঁ আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে সর্বসাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব৷ শিশু আৰু মহিলাসকলৰ নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ ওপৰতো মুখ্যমন্ত্রী ড০ শৰ্মাই গুৰুত্ব আৰোপ কৰে৷ তেওঁ লগতে কয় যে জনসাধাৰণে সন্মুখীন হোৱা প্রত্যাহ্বানসমূহৰ ক্ষেত্রত আৰক্ষী বিষয়াসকল অধিক সংবেদনশীল হৈ তেওঁলোকক ভয় আৰু শংকাৰ পৰা মুক্ত কৰাৰ বাবে প্রয়াস চলাব লাগিব৷ তেওঁ লগতে দোহাৰে যে আৰক্ষী বিষয়া হিচাপে জনসাধাৰণক সেৱা কৰাৰ বাবে সুযোগ লাভ কৰা যায়৷ থানালৈ জনসাধাৰণে যাতে নির্ভয়ে আহিব পাৰে সেই দিশতো উপযুক্ত বাতাৱৰণ সৃষ্টি কৰিব লাগিব বুলি তেওঁ কয়৷ সততা, নিষ্ঠা আৰু উৎসর্গিত মনোভাৱেৰে জনসাধাৰণক সেৱা আগববাবলৈ প্রশিক্ষার্থীসকলক মুখ্যমন্ত্রী ড০ শৰ্মাই আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনত আৰক্ষী সঞ্চালক প্রধানসকলৰ এখন সন্মিলনত ভাষণ প্রদান কৰি স্মার্ট পুলিচৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ আধুনিক প্রযুক্তিয়ে অপৰাধীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্রত আৰক্ষী বিভাগক অধিক সবলীকৰণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ইয়াৰ জৰিয়তে আৰক্ষীৰ বিষয়াসকলে অপৰাধীৰ বিৰুদ্ধে প্রযুক্তিগত দিশেৰে অধিক সফলতাৰে যুঁজ দিব লাগিব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে তদন্ত আৰু অপৰাধ প্রতিৰোধ কৌশল বহু পৰিমাণে সলনি হৈছে৷ অত্যাধুনিক ফৰেনচিক সঁজুলিৰে অপৰাধীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্রতো যি সুযোগ প্রদান কৰিছে, সেই সুযোগৰ প্রয়োগ কৰিবলৈ হলে প্রযুক্তিগত দক্ষতাৰো বিকাশ সাধন কৰিব লাগিব৷ স্মার্ট পুলিচিঙৰ প্রযুক্তিয়ে কিদৰে পৰিৱর্তন সাধন কৰিছে সেই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই অসম চৰকাৰে এইক্ষেত্রত গ্রহণ কৰা আধুনিক প্রযুক্তিগত দিশটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ আৰক্ষী বাহিনীৰ সংস্কাৰ সাধনৰ লগতে আৰক্ষী থানাসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশতো অসম চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে দেৰগাঁৱত থকা অসম আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ উন্নীতকৰণেৰে বিশ্বমানৰ আৰক্ষী একাডেমীলৈ পৰিৱর্তন সাধনৰ দিশত অসম চৰকাৰে শক্তিশালী পদক্ষেপ গ্রহণ কৰিছে৷ তেওঁ লগতে কয় যে অপৰাধৰ বিৰুদ্ধে তদন্ত ক্ষিপ্র কৰিবলৈ ফৰেনচিক বিজ্ঞানৰ ওপৰতো গুৰুত্ব প্রদান কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে কয় যে আৰক্ষীয়ে পিন্ধা ইউনিফর্মটোৱে অকল নিজৰ মর্যদায়ে নহয়, জনসাধাৰণেও সন্মান যাছে৷ মুখ্যমন্ত্রীয়ে বিষয়াসকলক সকলো ধৰণৰ দুর্নীতি পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়৷ এই প্রশিক্ষণে কর্মজীৱনত যথেষ্ট সুযোগ প্রদান কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ইয়াত আহৰিত জ্ঞানেৰে জনসাধাৰণৰ বাবে সমর্পিত মনোভাৱেৰে সেৱা আগববাব লাগিব৷ ভাষণ প্রসংগত তেওঁ কয় যে ড্রাগছ সৰবৰাহ, শিশু অপৰাধ, মহিলা নির্যাতন আদি ৰোধৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ এইক্ষেত্রত আৰক্ষী বাহিনীয়ে যথেষ্ট সফলতা দেখুৱাইছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে উল্লেখ কৰে যে অসম আৰক্ষীত অতি স্বচ্ছতাৰে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হৈছে আৰু প্রশিক্ষার্থীসকলৰ দক্ষতাই তাকে পুনৰবাৰ প্রমাণ কৰিছে৷ উল্লেখ্য যে অনুষ্ঠানত বিভিন্ন শিতানত শ্রেষ্ঠত্ব প্রদর্শন কৰা প্রশিক্ষার্থীসকলৰ মাজত মুখ্যমন্ত্রী ড০ শৰ্মাই ডিজিপি ত্রিপুৰা ৰাণিং ট্ৰফী এণ্ড নেপা চিলভাৰ মেডেল ফৰ পুলিচ চায়েন্স, হোম মিনিষ্টাৰ অৰুণাচল প্রদেশ ৰানিং ট্ৰফী এণ্ড নেপা চিলভাৰ মেডেল পুলিচ অপাৰেশ্বনছ, চীফ মিনিষ্টাৰ মেঘালয় বেটন অৱ অনাৰ এণ্ড নেপা চিলভাৰ মেডেল বেষ্ট ইণ্ডোৰ ট্ৰেইনী, চীফ মিনিষ্টাৰ অৰুণাচল প্রদেশ বেটন অৱ অনাৰ এণ্ড নেপা চিলভাৰ মেডেল বেষ্ট আউটডৰ ট্ৰেইনী, দ্য গৱর্ণৰ অৱ মেঘালয় চর্ড অৱ অনাৰ এণ্ড নেপা চিলভাৰ মেডেল অল ৰাউণ্ড বেষ্ট ট্ৰেইনী ট্ৰফী আৰু মেডেল প্রদান কৰে৷ অনুষ্ঠানত নেপাৰ সঞ্চালক অনুৰাগ আগৰৱালা, অসম আৰক্ষী সঞ্চালক প্রধান জি পি সিং, মেঘালয়ৰ আৰক্ষী সঞ্চালক প্রধান ড০ এল আৰ বিষ্ণই প্রমুখ্যে উচ্চপদস্থ আৰক্ষী বিষয়াসকল উপস্থিত থাকে৷
#বাৰ্তা ডেস্ক