নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জমা ৰাখে এটিএম-কৰাই ৰাখে উকা দলিলত চহী : ধুবুৰীত সুদখোৰৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুদখোৰবিৰোধী কঠোৰ স্থিতি সত্বেও ধুবুৰীত সুদখোৰ চক্ৰৰ দৌৰাত্ম্য অব্যাহত থকা বুলি প্ৰায় অভিযোগ উত্থাপিত হৈ আহিছে। সম্প্ৰতি খোদ আৰক্ষী বিভাগত কৰ্মৰত এগৰাকী ভুক্তভোগীৰ এজাহাৰ মৰ্মে ধুবুৰীৰ এজন দাগী সুদখোৰ গ্ৰেপ্তাৰ হ’বলগীয়া হোৱাৰ ঘটনাই উত্থাপিত হৈ অহা সেই অভিযোগবোৰৰ সত্যতা প্ৰমাণিত কৰা বুলি আঙুলিয়াই দিছে বহুতেই। অৱশ্যে গ্ৰেপ্তাৰ হোৱাৰ পিছত সিদিনাই ধুবুৰীৰ ঘোষপাৰা অঞ্চলৰ বাসিন্দা মৃণাল ঘোষ নামৰ সেই সুদখোৰগৰাকীৰ জামিন আবেদন ধুবুৰী আদালতে ৫০ হাজাৰ টকাৰ বণ্ডত মঞ্জুৰ কৰা বুসি প্ৰকাশ। উল্লেখ্য যে অবৈধ সুদৰ ব্যৱসায়কেই মূল জীৱিকা হিচাবে লোৱা ধুবুৰীৰ একাংশ সুদখোৰে মাহিলি সুদৰ ধনৰ বাবে ভুক্তভোগীক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। আনকি স্থানীয় একাংশ বেংক, চৰকাৰী কাৰ্য্যালয়ৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কেইবাগৰাকী কৰ্মচাৰীকে  ধৰি একাংশ চৰকাৰী গাড়ী চালকো  সুদৰ অবৈধ ব্যৱসায়ৰ সৈতে প্ৰত্যক্ষ ভাৱে জড়িত হৈ থকা বুলিও চৰ্চা আছে ধুবুৰীত। চৰ্চা অনুসৰি, এচাম আঢ্যবন্ত লোক অথৱা প্ৰতিষ্ঠিত ব্যৱসায়ীৰ পৰা আনুমানিক ডেৰ–দুই শতাংশ মাহিলি সুদৰ বন্দবস্তিত ঋণ লৈ অইনক মাহিলী ৮ৰ পৰা ১০ শতাংশ সূদত ধাৰ দি ‘’মাছৰ তেল দি মাছ’’ ভজাসদৃশ এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু সূদখোৰ। ইপিনে স্থানীয় ভূক্তভোগী একাংশৰ ভাষ্যনুসৰি, চিকিৎসা বা কোনো সকামত আকষ্মিকভাৱে প্ৰয়োজন হোৱা ধনৰ বাবে  সুদখোৰৰ শৰণাপন্ন হলে লোকজনৰ মানসিক আৰু উপায়হীন অৱস্থাৰ পূৰ্ণ সূযোগ লৈ নিজ ইচ্ছানুযায়ী ধন প্ৰদান কৰাৰ চৰ্ত আৰু মাহিলি সুদৰ হাৰ নিৰ্ধাৰণ কৰে সেইসকলে। বান্ধি দিয়া চৰ্ত মতে ধন পাবলৈ উকা দলিলত চহী কৰিবলগীয়া হোৱাৰ উপৰি সুদত ঋণ লোৱা ব্যক্তিগৰাকী চৰকাৰী কৰ্মচাৰী হ’লে নিজৰ  বেংক একাউন্টৰ এটিএম কাৰ্ডও জমা দিব লাগে সেই স্বয়ম্ভু মহাজনৰূপী সেই সূদখোৰৰ তাত। প্ৰতিমাহে বান্ধি দিয়া নিৰ্দিষ্ট তাৰিখৰ ভিতৰত মাহিলী সূদ প্ৰদান কৰিব নোৱাৰা সকলক স্থানীয় সেই সুদখোৰ সকলে বাট–পথত ল’গ পালেই অবাইচ গালি–গালাজ কৰাৰ উপৰি তেওঁলোকৰ পৰিয়ালৰ সন্মুখতো অভৱ্য আচৰণ কৰাৰো অভিযোগ আছে। ইফালে সুদখোৰৰ পৰা ঋণ লোৱা বহুতেই বিষয়টো  সামাজিক তথা চক্ষু লজ্জাৰ বাবে আইনৰ কাষ চাপিব নুখুজাৰ দূৰ্বলতাৰ সুযোগ পূৰ্ণমাত্ৰায় লয় সেই ধূৰন্ধৰ সেইসকলে। আনকি সহজলভ্য ধনৰ লালসাত অৱৈধ  জুৱাৰ আড্ডা, অবৈধ তীৰকে ধৰি বিভিন্ন অসামাজিক কামত লিপ্ত একাংশকো ধুবুৰীৰ সেই সূদখোৰ সকল সূদৰ বিনিময়ত বিশাল অংকৰ ধন বিনিয়োগ কৰাৰ দীৰ্ঘদিনীয়া এক বুবু-বাবাও আছে স্থানীয় ভূৰখা মহল একাংশত। তাৰেই পৰিপ্ৰেক্ষিতত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত সক্ৰিয়  সূদৰ অবৈধ ব্যৱসায়ৰ সকলৰ বিৰূদ্ধে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে কঠোৰ স্থিতি লোৱাটো কামনা কৰিছে বহু ভূক্তভোগীকে ধৰি সৰ্বসাধাৰণ ৰাইজেও। সমান্তৰালকৈ ধুবুৰীৰ উদ্দণ্ড সূদখোৰ একাংশক নাকী লগাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছে বহুতেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like