বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ৰাজ্যত দিনকদিনে বাঢ়িছে প্ৰৱঞ্চনাৰ ঘটনা। গুৱাহাটীত প্ৰৱঞ্চক দলৰ দপদপনি। সেই কথা পোহৰলৈ আহিছে ক্ৰাইম বাঞ্চৰ অভিযানত। ক্ৰাইম ব্ৰাঞ্চৰ হাতত গ্ৰেপ্তাৰ হৈছে বহিঃৰাজ্যৰ এটিএম প্ৰৱঞ্চকৰ দল। বহিঃৰাজ্যৰ এই প্ৰৱঞ্চককেইজন হল ক্ৰমে ঝাৰখণ্ডৰ তমিজুদ্দিন, মুষ্টাকিম মিঞা আৰু আফজল আনছাৰি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই তিনি ধৃতই এটিএমৰ প্ৰৱঞ্চনাৰে ধন লুট কৰি আহিছিল। ইতিমধ্যে তিনি ধৃতক জেৰা অব্যহত ৰাখিছে ক্ৰাইম ব্ৰাঞ্চে।
Next Post
You might also like