নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ মাৰ্ঘেৰিটাত হস্তী মানুহৰ সংঘাতে নিদ্ৰা হৰিছে সাধাৰণ ৰাইজৰ। নিশা হ’লেই বন্যহস্তীৰ আক্ৰমণৰ ভয়ত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে মাৰ্ঘেৰিটাৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ ৰাইজৰ। পুৱতিনিশা মাৰ্ঘেৰিটা পশ্চিম বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ভিতৰপাৱৈত বন্যহস্তীয়ে তাণ্ডৱ চলায়। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে নিশা গাঁওখনত প্ৰৱেশ কৰি ৩ টা কৈ বাহগৃহ ভাঙি চুৰমাৰ কৰি পেলায়। বন্যহস্তী আক্ৰমণৰ পৰা পৰিয়াল কেইটাৰ লোকসকল কথমপি প্ৰাণ ৰক্ষা পৰে যদিও গাওঁখনৰ কৃষ্ণ চুতীয়া, বিশ্বাসী ভূঞা আৰু নতানিয়াল মুণ্ডৰ বাসগৃহ ভাঙি পেলায়। গাওঁখনত বন্যহস্তীয়ে সঘনাই হৈ থকা উপদ্ৰৱৰ বিষয়ে মাৰ্ঘেৰিটা পশ্চিম বনাঞ্চলিক কাৰ্যালয়ত অৱগত কৰি আহিছে যদিও বন্যহস্তীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ বনবিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় গাওঁবাসীয়ে। বন্যহস্তীৰ আক্ৰমণত বাসগৃহ হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়াল কেইটা। চৰকাৰ প্ৰশাসন তথা বনবিভাগলৈ উচিত ক্ষতিপূৰণ বিচাৰি কাতৰ আহ্বান ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ। চৰকাৰ তথা বনবিভাগে বন্যহস্তী আক্ৰমণ প্ৰতিহত কৰিবলৈ আগন্তুক দিনত কিবা পদক্ষেপ গ্ৰহণ কৰে নে নকৰে সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।
প্ৰেৰক মানস প্ৰতিম গগৈ