নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ এনআইটিত কটাৰী-হকী ষ্টিকেৰে কনিষ্ঠ ছাত্ৰক আক্ৰমণ জ্যেষ্ঠ ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, ২ এপ্রিল : ডিব্ৰুগড়ৰ পিছত শিলচৰ এন আই টিত সংঘটিত হয় এক অমানৱীয় ঘটনা। এন আই টি শিলচৰৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ সিদ্ধান্ত পৈত্যক জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণৰ ফলত গুৰুতৰ আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। ছাত্ৰজন বৰ্তমান শিলচৰৰ ব্যাক্তি মালিকনা জে জি আই এম এছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। শুকুৰবাৰে এন আই টি কেম্পাছৰ ভিতৰত সংঘটিত হয় এই ঘটনা। সাংবাদিকৰ সমুখত কম্পিউটাৰ বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ সিদ্ধান্ত পৈত্যৱে কয় যে শুকুৰবাৰে বন্ধুক লগ পোৱাৰ বাবে নিজৰ ব্যক্তিগত গাড়ীখন ৬ আৰু ৭ নম্বৰ হোষ্টেলৰ সন্মুখত থৈ গৈছিল। কিন্তু পিছত তেওঁ গম পায় যে গাড়ীখনৰ কোনোবা ষষ্ঠ ষান্মাসিকৰ ছাত্ৰই ক্ষতিগ্ৰস্ত কৰিছে। ফোনত ইয়াৰ কাৰণ সোধাত হোষ্টেলৰ একাংশ জ্যেষ্ঠ ছাত্ৰ ওলাই আহি  পোনে পোনে তেওঁক আক্ৰমণ কৰে। জ্যেষ্ঠ ছাত্ৰই তেওঁক কাঁচৰ বটল, হকীৰ লাঠিৰে প্ৰহাৰ কৰাৰ লগতে ঘুষি মাৰাৰ লগতে লাথিও মাৰিছিল। এই আক্ৰমণৰ ফলত সিদ্ধান্তৰ মূৰ, ডিঙি, বুকু, পেট আৰু কঁকাল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই আক্ৰমণৰ সময়ত এন আই টিৰ একাংশ শিক্ষককো ঘটনাস্থলীত উপস্থিত হয়। পিছত সিদ্ধান্তক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিতাললৈ চিকিৎসাৰ বাবে লৈ যোৱা হয়। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত গুৰুতৰ আহত সিদ্ধান্তক বিভিন্ন পৰীক্ষা সম্পন্ন কৰা হয়। পিছত পিতৃ-মাতৃয়ে তেওঁক উন্নত চিকিৎসাৰ বাবে মেহেৰপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে। সিদ্ধান্তৰ পিতৃ সুদীপ পৈত্যৱে কয় যে, ঘুংগুৰ আৰক্ষী আউটপোষ্টত অভিযুক্ত ছাত্ৰ কেইগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। ১৮গৰাকী ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সিদ্ধান্ত পৈত্যৱে কয়, চতুৰ্থ বৰ্ষৰ কিছুমান ছিনিয়ৰে মোক আক্ৰমণ কৰিছিল। আক্ৰমণকাৰী‌ ছাত্ৰ কেইজনক মই চিনি পাওঁ। কাঁচৰ বটলেৰে মোৰ মূৰত খুন্দা মাৰিছিল, ঘুচা মাৰি আৰু লাথি মাৰিছিল। মোৰ বন্ধুয়ে মোক বচাবলৈ গৈছিল যদিও তেওঁক বেয়াকৈ প্ৰহাৰ কৰা হৈছিল। ৰাতি  তাৰ গাড়ীৰ টায়াৰ কোনোবাই লিক কৰে আৰু  গাড়ীখনৰ   ক্ষতিগ্ৰস্ত কৰে।তেওঁ লগতে কয়, ৰাতিপুৱা যেতিয়া মই এজন মেকানিকক টায়াৰ সলনি কৰিবলৈ ফোন কৰিলোঁ তেতিয়া তেওঁ ক’লে যে কোনোবাই টায়াৰত ৬-৭ বাৰ ছুৰীৰে আঘাত কৰিছে। যিজনে সেই কাম কৰিছিল  তেওঁক ফোন কৰি ক’লোঁ যে ঘুংগুৰ পুলিচ আউটপোষ্টত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিম। ইয়াৰ ১০-১৫ মিনিটৰ ভিতৰতে আহি মোক অধ্যাপকৰ সন্মুখত বেয়াকৈ আক্ৰমণ কৰে। অধ্যাপকসকলে মোক বচাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে তেওঁলোকৰ কথা শুনা নাছিল। পৈত্যই কয় যে ,তেওঁৰ মাতৃভাষা আৰু তেওঁ অহা অঞ্চলক লৈ সমালোচনা  কৰিছিল।  ইয়াত যোগদান কৰাৰ দিনৰে পৰা বৰ্ণবাদীৰ সম্মুখীন হৈছিল। ইপিনে জানিব পৰা মতে, ১৮ গৰাকী ছাত্ৰই কেম্পাছৰ ভিতৰত দুজন জুনিয়ৰক হিংসাত্মকভাৱে প্ৰহাৰ কৰাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে।এই এফআইআৰত সিদ্ধান্ত পৈত্যই স্পৰ্শ মুনাখিয়া, যোগেশ কাকোদিয়াছ, বিশ্বজিৎ দেৱ নাথ, যশ ত্ৰিপাঠী, অভিজিত কলিতা, ধৃতিমান দাস, সৌৰভ ডেকা, শোহন পাল, প্ৰত্যুষ ৰায়, প্ৰফুল্ল চাথাম, অনাছ আহমেদ, প্ৰতীক বিজ, দীক্ষিত আগৰৱাল, মেহুল দেৱাংগম, ৰাজ পৰিষদ, সত্যব্ৰত বোথ, সুপ্ৰতীক গগৈ, বিকি দাসক প্ৰধান অভিযুক্ত হিচাপে বুলি উল্লেখ কৰিছে।  তেওঁ কয় যে আৰু কিছু চিনিয়ৰো জড়িত হৈ আছে। ইপিনে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তই  ছাত্ৰজনৰ পৰা পোৱা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি থকা বুলি জানিবলৈ দিয়ে। এন আই টি শিলচৰ কৰ্তৃপক্ষৰ সৈতেও আলোচনাত মিলিত হৈছে বুলি তেওঁ কয়। আৰক্ষী অধীক্ষকে কয়,‘আমি অভিযোগ লাভ কৰিছো আৰু আমি গোচৰ ৰুজু কৰিছোঁ। এয়া এন আই টিৰ আভ্যন্তৰীণ বিষয় আৰু আগবাঢ়ি যাবলৈ আমি প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিব লাগিব।’-মাহাত্তাই কয়। ইপিনে এন আই টি শিলচৰ কৰ্তৃপক্ষই ইয়াক “দুৰ্ভাগ্যজনক” ঘটনা বুলি অভিহিত কৰিছে। ছাত্ৰ কল্যাণ বিভাগৰ ডীনৰ নেতৃত্বত এটা দলে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ উপৰি কৰ্তৃপক্ষই জিমখানা ভংগ কৰি ছাত্ৰ-ছাত্ৰীৰ নিৰ্বাচন বাতিল কৰিছে। এন আই টি শিলচৰৰ সঞ্চালক অধ্যাপক ৰজত গুপ্তাই অৱশ্যে এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।  তাৰ পৰিৱৰ্তে ডীনৰ লগত কথা পাতিবলৈ সংবাদ মাধ্যমক পৰামৰ্শ দিয়ে। উল্লেখ্য যে যোৱা বছৰ হোষ্টেলৰ ভিতৰত জুনিয়ৰক আক্ৰমণ কৰাৰ অপৰাধত চূড়ান্ত বৰ্ষৰ ৯গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল আৰু পিছত তেওঁলোকক কেম্পাছৰ পৰা আঁতৰাই দিয়া হৈছিল। এইবাৰ অভিযুক্ত ছাত্ৰকেইজনৰ বিৰুদ্ধে কি ব্যবস্থা গ্ৰহণ কৰা হয়, সেয়া পোহৰলৈ অহা নাই।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like