নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুৰ সংঘাত । হাতী মানুহৰ ভয়াৱহ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে বিশেষকৈ ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত ৷ বুধবাৰে ৰাতিপুৱা প্ৰায় ৪.৩০ মান বজাত পুনৰ ২ নং উত্তৰ ডিমাকুছি গাঁৱৰ বাগানতাৰীত অঘটন। ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছি, বাদলাপাৰা, নালাপাৰা, ৰজাগড়, ঔৰঙ্গাজুলি, ননৈপাৰা, ভূটিয়াচাং , টেংকিবস্তি আদিকে ধৰি বিভিন্ন অঞ্চল সমূহত তীব্ৰতৰ হৈ পৰিছে হাতী মানুহৰ সংঘাট। অৰণ্য সংকুচিত হৈ অহাৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰপৰা জনাঞ্চললৈ ওলাই অহা বৃহৎ বনৰীয়া হাতীৰ জাকে প্ৰতিদিনে বাহৰ পাতি থাকে নিকটৱৰ্তী চাহ বাগিছাৰ মাজত । বুধবাৰে নিশা ডিমাকুছিত উপদ্ৰৱ চলোৱা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে ৰাতিপুৱা প্ৰায় ৪.৩০ মান বজাত ২ নং উত্তৰ ডিমাকুছি গাঁৱৰ ভূপেন বৈশ্য নামৰ লোকজনৰ ঘৰত সোমা । জাকৰ পৰা ফালৰি কাটি অহা গজৰাজে ভূপেন বৈশ্য নামৰ লোকজনৰ ঘৰত সোমাই তিনিজন ব্যক্তিক আক্ৰমণ কৰে। বনৰীয়া হাতীৰ গছকত থিতাতে নিহত হয় *সুৰেন বৈশ্য*(৮১) নামৰ বৃদ্ধ গৰাকীৰ । আনহাতে লগে-লগে সুৰেন বৈশ্যৰ বোৱাৰী ভণ্টি বৈশ্য (৪২) আৰু নাতি ল’ৰা *চন্দন ওৰফে সুমন বৈশ্য ( ২২) নামৰ দুজন ব্যক্তিক আহত কৰে । আহত দুগৰাকীক স্থানীয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বহুদিন ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকা বন্যহস্তীয়ে আজি ঘৰত খেদি গৈ হাতী নিহত কৰাত অঞ্চলটোত শোকৰ ছাঁ পৰে । দিনৰ পোহৰত চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ থকা বৃহৎ বন্যহস্তীৰ জাকে প্ৰতিদিনে নিশা হ’লেই গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, খেতি- পথাৰ তহিলং কৰাৰ লগতে বিদ্যালয় ,চিকিৎসালয় ,নামঘৰো ভাঙি চুড়মাৰ কৰি আহিছে। প্ৰতিদিনে বন্যহস্তীয়ে এনেদৰে উপদ্ৰৱ চলাই অহাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি তথা বিয়াগোম বন বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। ঘটনাস্থলিত উপস্থিত হোৱা বন বিভাগৰ লোকক জৱাবদিহি কৰে ক্ষোভিত ৰাইজে। দীৰ্ঘদিন ধৰি ডিমাকুছি অঞ্চলত হাতী-মানুৰ সংঘাট বৃদ্ধি পাই আহিছে যদিও সমস্যা সমাধানত ব্যৰ্থ হৈছে বিভাগটো ৷ চলিত বৰ্ষতে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত ১০ গৰাকীতকৈও অধিক ব্যক্তি নিহত হোৱাৰ বিপৰীতে বিভিন্ন কাৰণত ৬/৭ টাকৈ বনৰীয়া হাতীৰো মৃত্যু হয়। তথাপিও আজিলৈকে কিন্তু এই অঞ্চলত ভৰি নিদিলে বনমন্ত্ৰী গৰাকীয়ে । বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু ই.এম. দাওবাইছা বড়োৱেও হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত নিল্লিপ্ততাৰ ভুমিকা লৈ কুম্ভকৰ্ণ নিদ্ৰাত পৰি থকাৰ অভিযোগ উত্তেজিত ৰাইজৰ। সেয়েহে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে মৃতকৰ পৰিয়ালক উচিত ক্ষয় ক্ষতি পূৰণ দিবলৈ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে হাতী মানুহৰ সংঘাট ৰোধ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইটোহে লক্ষণীয় বিষয় হৈ পৰিব।
প্ৰেৰক পিংকু কলিতা