নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পবিতৰাত পক্ষী নিধনৰ অপচেষ্টা, গ্ৰেপ্তাৰ এজন

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ শীতৰ আৰম্ভণিৰ লগে লগে পবিতৰা অভয়াৰণ্যলৈ বিভিন্ন পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। এই পৰিভ্ৰমী চৰাইক পক্ষী নিধন কৰিবলৈ পবিতৰাত দুষ্টচক্ৰই জাল পাতে। পৰিভ্ৰমী চৰাইক ধৰিবলৈ জালি পাতি শেহতীয়াকৈ পবিতৰা বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হ’ল এটা দুৰ্বৃত্ত। ধৃত দুৰ্বৃত্তটোৰ নাম নুৰ ইছলাম ওৰফে দুলাল। বুধবাৰে নিশা পবিতৰা বন বিভাগৰ বিষয়াৰ নেতৃত্বত চলা এটা অভিযানত মায়ঙৰ হাতীভাঙিৰ পৰা গ্ৰেপ্তাৰ হয় দুৰ্বৃত্তটো। আনহাতে অন্ধকাৰৰ সুযোগ লৈ আন এটা দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয়। ইপিনে বন বিভাগে পৰিভ্ৰমী চৰাই নিধন কৰিবলৈ পতা চাৰিখন জাল উদ্ধাৰ কৰাৰ লগতে এটি জীৱিত পক্ষী আৰু এটি মৃত common snipe পক্ষী উদ্ধাৰ কৰে। ধৃত দুৰ্বৃত্তটোক সোধা-পোছা অব্যাহত ৰখাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।

প্ৰেৰক হৰিপ্ৰসাদ মল্লিক

You might also like