নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ এপ্রিলৰ পৰা শিক্ষা সেতুত উপস্থিতি বাধ্যতামূলক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিদ্যালয়সমূহত কর্মৰত আৰ’পি অনুসৰি দৰমহা লাভ কৰা সকলো শিক্ষক আৰু অনাশৈক্ষিক কর্মচাৰীয়ে অহা ১ এপ্রিলৰ পৰা বাধ্যতামূলকভাৱে শিক্ষা সেতু এপত উপস্থিতি প্রদান কৰিব লাগিব৷ বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে এটা নির্দেশনাৰ জৰিয়তে এই বিশেষ নির্দেশ জাৰি কৰিছে৷ তদুপৰি প্রধানমন্ত্রী পোষণ শক্তি নির্মাণ চমুকৈ পি এম পোষণ আঁচনিৰ অধীনত থকা বিদ্যালয়সমূহৰ মুৰব্বীসকললৈও বিদ্যালয় শিক্ষা বিভাগে বিশেষ নির্দেশনা দিছে৷ সেই অনুসৰি পি এম পোষণৰ উদ্দেশ্যে শিক্ষার্থীসকলৰ উপস্থিতি অহা ১ এপ্রিলৰ পৰা বাধ্যতামূলকভাৱে শিক্ষা সেতুত গ্রহণ কৰিব লাগিব৷ ৰাজ্যৰ বিদ্যালয়সমূহৰ পৰিদর্শক, জিলা প্রাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক, পি এম পোষণৰ সহকাৰী জিলা ন’ডেল বিষয়াসকলক এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈও নির্দেশ দিয়া হৈছে৷ উল্লেখ্য যে ইতিমধ্যে বিদ্যালয়সমূহৰ শিক্ষার্থীৰ উপস্থিতি শিক্ষা সেতু এপত বাধ্যতামূলক কৰা হৈছে৷

You might also like