নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ত অমৃত কলহত ভূমি দান মন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ২ অক্টোবৰঃ আজি অমৃত কলহত সংগ্ৰহ কৰা মাটি, চাউল দ্বিতীয় পৰ্যায় অৰ্থাৎ পঞ্চায়তৰ অমৃত কলহত দান কৰে মন্ত্ৰী অতুল বৰাই। “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীৰ অমৃত কলহ যাত্ৰাৰ অংশ হিচাপে বোকাখাতৰ নুমলীগড় গাঁওবাসীয়ে সংগ্ৰহ কৰা ভূমি/চাউল আজি শোভাযাত্ৰা কৰি নুমলীগড় গাঁও পঞ্চায়তৰ অমৃত কলহত মিশ্ৰণ মাটি দান কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰখৰ ৰ’দকো নেওচি অত্যন্ত উৎসাহেৰে এই কাৰ্যসূচীত ৰাইজে অংশগ্ৰহণ কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিতো মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। কাৰ্যসূচীত গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট জিলা পৰিষদৰ উপাধ্যক্ষা ৰশ্মি কাকতি, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি চিমী কৰণ, খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ, আঞ্চলিক পঞ্চায়তৰ সভাপতি বিপিন দলে, নুমলীগড় গাঁও পঞ্চায়তৰ সভাপতি অনন্ত কছাৰী, বিজেপিৰ অনিমেষ শইকীয়া, অগপৰ জগত কলিতাকে ধৰি বিজেপি, অগপৰ অন্যান্য কৰ্মকৰ্তাসকল, গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল, চিআইএছএফৰ বিষয়া, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
You might also like