নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাত আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্রী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ২০ জুন : লখিমপুৰ জিলাৰ ঘিলামৰা বালিয়নিস্থিত ঘিলামৰা পাব্লিক স্কুলক আজি আদৰ্শ বিদ্যালয় হিচাপে আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে অসম চৰকাৰাৰ ক্‌ষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা আদিৰ কেবিনেট মন্ত্রী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই। কেন্দ্ৰীয় শিক্ষা ব’ডৰ দ্বাৰা অনুমোদিত আৰ্দশ বিদ্যালয় খনি শুভাৰম্ভ অনুষ্ঠানত আদৰণি ভাষণ প্রদান কৰে লখিমপুৰ জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক হেমচন্দ্র শইকীয়াই। উদ্বোধনী অনুষ্ঠানত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন, স্থানীয় বিধায়ক নৱ কুমাৰ দলে আদিয়ে স্কুল খনৰ সৰ্বাঙ্গীন উন্নয়ন আৰু আন্তঃগাঠনিৰ লগতে শৈক্ষিক পৰিবেশৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব দিবলৈ অভিভাৱক আৰু ৰাইজক আহ্বান জনায়। মন্ত্ৰী অতুল বৰাই নিজৰ বক্তব্যত আজিৰ দিনটোৰ ঘিলামৰা অঞ্চলৰ এটা বিশেষ আৰু স্মৰনীয় দিন বুলি সদৰি কৰি ঘিলামৰা পাব্লিক স্কুলেই জিলাখনৰ এক মাত্ৰ বিদ্যালয় যি কেন্দ্ৰীয় শিক্ষা ব’ডৰ দ্বাৰা অনুমোদন লাভ কৰিছে বুলিও মন্তব্য কৰে ৷ মন্ত্ৰী গৰাকীয়ে নেলচন মেণ্ডেলাৰ উক্তিৰে নিজৰ বক্তব্য প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শম্মাকো কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ভাষ্কৰ বৰা, ঢকুৱাখনা মহকুমা ৰ মহকুমাধিপতি কাৰ্তিক কলিতা, সোৱণশিৰি ৰাজহ চক্র ৰ চক্র বিষয়া লম্বিত হাজৰিকা শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ৰাজীৱ দলে, ঘিলামৰা বি ডি অ, ভাগ্যশ্ৰী ডেকা , বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক ঘিলামৰা বিশিষ্ট জেষ্ঠ্য নাগৰিক, আইমাতৃ সমাজ কৰ্মী আৰু বহু সংখ্যক দলীয় নেতা কৰ্মীও উপস্থিত থাকে। আনহাতে আজি কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভা দিবসৰ লগত সংগতি ৰাখি শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰি মন্ত্রী অতুল বৰা আৰু বিধায়ক নৱ কুমাৰ দলেই শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বিদ্যালয়ৰ কণ কণ ছাত্র ছাত্রী সকলে ৰাভা সংগীত পৰিৱেশন কৰি অনুস্থানটো অধিক প্ৰাণৱ্ন্ত কৰি তোলে।

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like