নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাদুলীপাৰত ৰাসায়নিক সাৰ বিক্ৰী কেন্দ্ৰ মুকলি মন্ত্ৰী অতুল বৰাৰ

🔹 ৰঙামাটি সমবায় সমিতিৰ অভিনৱ প্ৰয়াস

নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : কৃষিৰ জৰিয়তে কৃষক ৰাইজ অধিক লাভাম্বিত হোৱাৰ দিশত অধিক গুৰুত্ব আৰোপ কৰি গোলাঘাট জিলাৰ বাদুলীপাৰস্থিত ৰঙামাটি সমবায় সমিতিয়ে জিলাখনত প্ৰথমবাৰৰ বাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষৰ বাদুলীপাৰত এক ৰাসায়নিক সাৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰে। ৰাসায়নিক সাৰ বিক্ৰী কেন্দ্ৰটো উদ্বোধন কৰে বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই। ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেড চমুকৈ ইফক’ৰ সহযোগত উদ্বোধন কৰা কেন্দ্ৰটিৰ জৰিয়তে কৃষক ৰাইজে ৰেহাই মূল্যত লাভ কৰিব প্ৰয়োজনীয় ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ। বোকাখাত মহকুমাৰ দণ্ডাধীশ দীপ্তিমণি টায়, ইফক’ৰ ক্ষেত্ৰ পৰিদৰ্শক মিৰাজুল হুছেইন, দ্ৰোন পৰিচালক ইফক’ৰ নিক্ষিতা বৰা, দলীয় কাৰ্যকৰ্তা, স্থানীয় ৰাইজ আৰু বিভিন্ন ঠাইৰ পৰা অহা কৃষকসকলৰ উপস্থিতিত কেন্দ্ৰটি মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এডোখৰ ভূমিত এজন খেতিয়কে বছৰত এবাৰ খেতি কৰি যি উপাৰ্জন কৰে, যদি ঋতু অনুযায়ী সেই ভূমিত বেলেগ বেলেগ খেতি কৰে তেন্তে কৃষকজন অধিক লাভান্বিত হ’ব। লগতে প্ৰতিজন কৃষকক মাকৈ খেতি কৰাৰো আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। যোৰহাট, গোলাঘাট জিলাৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৰঙামাটি সমবায় সমিতিৰ উদ্যোগত যি ৰাসায়নিক সাৰ বিক্ৰী কেন্দ্ৰ স্থাপন কৰিলে, তাৰ বাবে সমিতিৰ সভাপতি ফণীধৰ গগৈ, সচিব ব্ৰজেন বৰুৱাৰ লগতে সমূহ বিষয়ববীয়াক ধন্যবাদ জনায়।

প্ৰেৰক নবীন গোহাঁই

You might also like