নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ সংকল্প অতুল বৰাৰ

🔹 আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভাত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত

বিশেষ বাৰ্তা, ২ মাৰ্চ :  লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদ দলে ব্যাপক নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে। আজি আমবাৰীস্থ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি অতুল বৰাৰ সভাপতিত্বত দলৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদকসকলৰ উপস্থিতিত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী উপস্থিত থকা এই সভাত বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থী থকা সমষ্টিসমূহত গ্ৰহণ কৰিবলগীয়া নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰা হয়। প্ৰতিটো লোকসভা সমষ্টি আৰু বিধানসভা সমষ্টিতে দলৰ বিষয়ববীয়া আৰু সদস্যসকলক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰাৰ লগতে লোকসভা নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হয়। অহা ৫ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ নিৰ্বাচনী তত্ত্বাৱধায়কসকলে সমষ্টিসমূহত থাকি নিৰ্বাচনী যুঁজৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ উপৰি তৎপৰতাৰে সাংগঠনিক প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰিব।

সভাপতি অতুল বৰাই ১৪টা লোকসভা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক বিশাল ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ বাবে সকলো ধৰণৰ ৰণকৌশল গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰাত অসমৰ ৰাইজে ব্যাপক সঁহাৰি জনোৱা বুলি মন্তব্য কৰি সভাপতি বৰাই ঐক্যবদ্ধভাৱে নিৰ্বাচনী কাম-কাজ কৰিবলৈ দলীয় সদস্যসকলক আহ্বান জনায়। কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আগন্তুক দুটা মাহ নিৰৱচ্ছিন্নভাৱে নিৰ্বাচনৰ বাবে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই স্থানীয় পৰ্যায়ত তৎপৰ হৈ প্ৰাৰ্থীসকলৰ হৈ কাম কৰাত গুৰুত্ব আৰোপ কৰে।

You might also like